বিগত কিছু দশক ধৰি বিশ্ব ক্ৰমশঃ ধৰ্ম নিৰপেক্ষতাৰ দিশে আগবাঢ়িছে৷ একাংশ লোকৰ বাবে জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ধৰ্ম৷ কিন্তু বিশ্বৰ মুঠ জনসংখ্যাৰ ৮৪ শতাংশ লোক এটা বিশেষ ধৰ্মৰ সৈতে সংযুক্ত৷ বিশ্বৰ পৰিৱৰ্তনকামী লোকৰ মাজতো বিশ্বৰ ধৰ্মীয় প্ৰফাইলৰ দ্ৰুত পৰিৱৰ্তন হৈছে৷ ২০১৫ চনত মুছলমান জনসংখ্যা আছিল ১৮০ কোটি৷ কিন্তু সেই সংখ্যা ২০৬০ চনত ৩০০ কোটিলৈ উন্নীত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে সমীক্ষাই৷ পিউ ৰিচাৰ্ছ চেণ্টাৰৰ তথ্যৰ সহযোগত প্ৰধান ধৰ্মসমূহৰ ধৰ্মীয় গঠন বিস্তাৰিতৰূপত মানচিত্ৰ আকাৰে দাঙি ধৰিছে ভিজুৱেল কেপিটেলিষ্ট ৱেবচাইটত৷
বিশ্বৰ ৭টা ধৰ্মৰ ভিতৰত প্ৰধান ৫টা ধৰ্ম— মুছলমান, খ্ৰীষ্টান, হিন্দু, বৌদ্ধ আৰু ইহুদি ধৰ্মক অন্তৰ্ভুক্ত কৰা হৈছিল পিউ ৰিচাৰ্ছ চেণ্টাৰৰ সমীক্ষাত৷
সেই অনুসৰি, বিশ্বৰ মুঠ জনসংখ্যাৰ ৩১ শতাংশ খ্ৰীষ্টান, প্ৰায় ২৫ শতাংশ ইছলাম ধৰ্মাৱলম্বী লোক৷ প্ৰধান ধৰ্মৰ ভিতৰত ইহুদি ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰ্বনিম্ন কেৱল .২ শতাংশ৷
ইয়াৰ বিপৰীতে হিন্দু ধৰ্মৰ সংখ্যা সৰ্বোচ্চ ২৬ শতাংশ৷ তাৰোপৰি ১৪.২ শতাংশ ভাৰতীয় মুছলমান ধৰ্মাৱলম্বী লোক৷ ইন্দোনেছিয়াৰ পাছতেই বিশ্বৰ বৃহত্তম মুছলমান জনসংখ্যাৰ দেশ ভাৰত৷ শীঘ্ৰেই মুছলমান জনসংখ্যা ৭০ শতাংশ বৃদ্ধি পাব বুলিও সমীক্ষাত সম্ভাৱনা প্ৰকট হৈছে৷
হিন্দু ধৰ্ম বিসশ্বব্যাপী তৃতীয় বৃহত্তম ধৰ্ম৷ বিশ্বজুৰি প্ৰায় ১২০ কোটি হিন্দু জনসংখ্যা আছে৷ কিন্তু মাত্ৰ তিনিখম দেশতহে প্ৰভাৱশালী হিন্দু ধৰ্ম৷ ভাৰতত ৭৯ শতাংশ, নেপালত ৮০ শতাংশ আৰু মৰিচাচত ৪৮ শতাংশ আছে হিন্দু ধৰ্মৰ লোক৷
২০২০ বৰ্ষৰ সমীক্ষা অনুসৰি, প্ৰায় ৪২ কোটি ৯০ লাখ বা মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ লোক ঐতিহ্যবাহী ধৰ্মৰ অনুগত আছিল৷ তাৰে কিছু লোকধৰ্ম হৈছে আফ্ৰিকান এতিহ্যবাহী ধৰ্ম, চীনা লোক ধৰ্ম, নেটিভ আমেৰিকাম ধৰ্ম, আৰু অষ্ট্ৰেলিয়ান আদিম ধৰ্ম উল্লেখযোগ্য৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














