২০৬০ চনত অৰ্থাৎ আগন্তুক ৩৫ বছৰৰ পাছত খ্ৰীষ্টধৰ্মক চেৰ পেলাই ইছলাম বিশ্বৰ বৃহত্তম ধৰ্ম হিচাপে পৰিগণিত হব৷ এই সময়ত বিশ্বব্যাপী মুছলমান জনসংখ্যা ৭০শতাংশলৈ বৃদ্ধি পাব৷ ২০৬০ চনৰ ভিতৰত মুছলমান জনসংখ্যা ৩ বিলিয়ন পাৰ হৈ পৰিব৷ পিউ ৰিচাৰ্ছ চেণ্টাৰৰ এটা নতুন গৱেষণাত এই ভৱিষ্যদ্বাণী কৰা হৈছ৷
বিশ্বৰ দ্ৰুত বৰ্ধনশীল ধৰ্মসমূহৰ ওপৰত গৱেষণা চলাইছে পিউ ৰিচাৰ্ছে৷ এই গৱেষণা অনুসৰি বৰ্তমান খ্ৰীষ্টধৰ্মৰ মানুহ পৃথিৱীত সৰ্বাধিক৷ পৃথিৱীৰ মুঠ ৭.৩ বিলিয়ন জনসংখ্যাৰ ৩১ শতাংশই খ্ৰিষ্টিয়ান৷ তাৰপাছতেই আছে ইছলাম দ্বিতীয় স্থানত৷ হিন্দুধৰ্ম আছে তৃতীয় স্থানত৷ আগন্তুক তিনি দশক ধৰি এই অৱস্থাৰ নাটকীয় সালসলনি ঘটিব৷ কাৰণ মুছলমান জনসংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাব বুলি কৈছে পিউ ৰিচাৰ্ছৰ ৰিপৰ্টে৷ মুছলমানৰ সংখ্যা বৃদ্ধিৰ ফলতেই ইছলাম বিশ্বব্যাপী প্ৰধান ধৰ্মত পৰিণত বুলি জনাইছে পিউ ৰিচাৰ্ছে৷
ইছলাম বিশ্বৰ বৃহত্তম ধৰ্ম হৈ উঠিব
পিউ ৰিচাৰ্ছৰ মতে বৰ্তমান ইছলাম বিশ্বৰ দ্ৰুততম বৰ্ধনশীল ধৰ্ম আৰু এই প্ৰবণতা ক্ৰমশ ঊৰ্ধ্বমুখী থাকিব৷ যাৰ ফলত ২০৬০ চনত মুছলমান বিশ্বৰ বৃহত্তম ধৰ্মীয় গোষ্ঠীত পৰিণত হব৷ গৱেষণাত মুছলমানৰ আধিপত্য বৃদ্ধিৰ তিনিটা প্ৰধান কাৰণো তেওঁলোকে উল্লেখ কৰিছে৷ যিসমূহ হৈছে তৰুণ জনসংখ্যা, উচ্চ প্ৰজননৰ হাৰ আৰু ধৰ্মান্তৰিত হোৱাৰ প্ৰবণতা৷
গৱেষণা অনুসৰি ২০৬০ চনত নগদ বিশ্বব্যাপী জনসংখ্যা প্ৰায় ৩২ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ এই বৃদ্ধিৰ মাজত মুছলমান জনসংখ্যা ৭০শতাংশ পৰ্যন্ত বৃদ্ধি পাব পাৰে যি বিশ্বব্যাপী গড়ৰ দ্বিগুণৰো বেছি৷ পিউ ৰিচাৰ্ছৰ গৱেষণাত ২০১৫ চনৰ পৰা ২০৬০ চনৰ ভিতৰত ৪৫ বছৰত বিভিন্ন ধৰ্মৰ জনসংখ্যা বৃদ্ধিক লৈ গৱেষণা হৈছিল৷ দেখা গৈছে যে ২০১৫ চনত বিশ্বব্যাপী মুছলমান জনসংখ্যা আছিল ১.৮ বিলিয়ন৷ যি ২০৬০ চনত ৩ বিলিয়ন অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে৷
মুছলমানৰ জনসংখ্যা কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে?
সমীক্ষা অনুসৰি মুছলমান জনসংখ্যা বৃদ্ধিৰ বাবে বিভিন্ন কাৰণ দায়ী৷ যাৰ মাজত উল্লেখযোগ হৈছে তৰুণ জনসংখ্যা আৰু উচ্চ প্ৰজননৰ হাৰ৷ গৱেষণাৰ ৰিপৰ্ট অনুসৰি মুছলমান মহিলাৰ প্ৰজননৰ হাৰ ৩.১৷ খ্ৰিষ্টিয়ান মহিলাৰ ২.৭৷ উন্নয়নশীল দেশসমূহত মুছলমান আৰু খ্ৰিষ্টিয়ানৰ প্ৰজননৰ হাৰ খুব বেছি আৰু মৃত্যুৰ হাৰ কম৷ সেই কাৰণেই তেওঁলোকৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ আফ্ৰিকাৰ দৰে দেশত ২০৫০ চনৰ ভিতৰত ১২ শতাংশ বৃদ্ধি পাব মুছলমানৰ জনসংখ্যা বুলি আশা কৰা হৈছে৷
পিউ ৰিচাৰ্ছৰ চেণ্টাৰে প্ৰকাশ কৰা ৰিপৰ্টত ২০১০ চনত বিশ্বৰ মুছলমান জনসংখ্যাৰ ৩৪ শতাংশৰ বয়স আছিল ১৫ বছৰৰ কম৷ ৬০শতাংশৰ বয়স ১৫ৰ পৰা ৫৯ বছৰৰ মাজত আৰু মাত্ৰ ৭শতাংশৰ বয়স ৬০ বছৰ বা তাতোকৈ বেছি৷ বেছিভাগ মুছলমানেই আফ্ৰিকা, আৰু মধ্যপ্ৰাচ্যত বাস কৰে আৰু তাতেই বিশ্বব্যাপী জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বোচ্চ৷
ভাৰতত মুছলামৰ জনসংখ্যা
পিউ ৰিচাৰ্ছ চেণ্টাৰৰ প্ৰতিবেদন অনুসৰি ভাৰতত মুছলমান জনসংখ্যাৰ সামান্য বৃদ্ধি হব৷ ২০৬০ চনৰ মাজত এই দেশৰ জনসংখ্যাৰ প্ৰায় ১৯.৪শতাংশ হব মুছলমান৷ যি ২০১৫ চনত আছিল ১৪.৯শতাংশ৷ ৰিপৰ্টত অনুমান কৰা হৈছে যে আগন্তুক ৩৬ বছৰত ভাৰতৰ মুছলমান জনসংখ্যা ৩৩ কোটি হবগৈ৷ ইয়াৰোপৰি অনুমান কৰা হৈছে যে ২০৬০ চনৰ ভিতৰত খ্ৰীষ্টিয়ানৰ জনসংখ্যাও ৩৪শতাংশ বৃদ্ধি পাব৷ হিন্দুৰ জনসংখ্যাৰ মাত্ৰ ২৭শতাংশ বৃদ্ধি পাব৷ যি বিশ্বব্যাপী জনসংখ্যা বৃদ্ধিৰ গড় তুলনাত যথেষ্ট কম৷ বৰ্তমান খ্ৰীষ্টিয়ান আৰু হিন্দু বিশ্বজনসংখ্যাৰ ক্ৰমে ৩৪ আৰু ১৫শতাংশহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ