নতুন যুগৰ সূচনা কৰিলে টাটা গ্ৰুপে৷ এইবাৰ তেওঁলোকে হাত মিলাইছে এলন মাস্কৰ প্ৰতিষ্ঠান টেছলাৰ সৈতে৷ এইবাৰ ভাৰতৰ গাড়ীৰ বজাৰত নতুন জোৱাৰ আনিব টাটা গ্ৰুপে৷ টাটা গ্ৰুপ মানেই ভাৰতৰ বজাৰত এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান৷ বহু বছৰ ধৰি এই প্ৰতিষ্ঠান চলাইছিল ৰতন টাটাই৷ তাৰপাছতেই এই প্ৰতিষ্ঠানক আৰু এঢাপ আগুৱাই লৈ যাবলৈ সাজু হৈছে নোৱেল টাটাই৷ টাটা গ্ৰুপৰ কেইবাটাও প্ৰতিষ্ঠানে এইবাৰ লৈছে বৃহৎ সিদ্ধান্ত৷ তেওঁলোকে হাত মিলাইছে এলন মাস্কৰ প্ৰতিষ্ঠান টেছলাৰ সৈতে৷
টাটা অটো কম্প, টাটা কনছালটেন্সি, ছাৰ্ভিচ, টাটা টেকনোলজিছ আৰু টাটা ইলেক্ট্ৰনিক্সৰ সকলোৱেই টেছলাৰ সৈতে কাম কৰিব৷ ফলত ভাৰতৰ গাড়ীৰ বজাৰত টেছলাৰ নতুন বেটেৰিচালিত বাহনৰ সৈতে কাম কৰিব টাটা গ্ৰুপে৷ টেছলাৰ পক্ষেও এয়া বিৰাটেই লাভজনক হব৷ ভাৰতৰ গাড়ীৰ বজাৰত অতি সহজেই নিজৰ পৰিচয় গঢ়ি তুলিব পাৰিব বুলিও আশাবাদী টেছলা গ্ৰুপ৷
টেছলাৰ সৈতে কাম কৰিবলৈ টাটা গ্ৰুপে মোটা অংকৰ ধন বিনিয়োগ কৰিছে৷ কিমান পৰিমানৰ ধন বিনিয়োগ কৰিছে সেয়া নাজানিলেও কেইবা কোটিও যে বিনিয়োগ কৰিছে সেই কথা স্পষ্ট৷ ভাৰতৰ বজাৰত মাস্কৰ প্ৰতিষ্ঠানৰ সৈতে টাটা গ্ৰুপ মিলিলে সেয়া টাটাৰ পক্ষেও সুখৰ হব৷ অন্য বাহনৰ প্ৰতিষ্ঠানসমূহে বিষয়টোক লৈ চিন্তাভাৱনা কৰিছে তাতেই টাটা গ্ৰুপ এঢাপ আগুৱাই গৈ ইতিমধ্যেই কাম আৰম্ভই কৰিছে৷
ভাৰতত বাহনৰ বজাৰ মানেই লাভ৷ তাতেই যদি দুটা বৃহত্তৰ প্ৰতিষ্ঠান এক হয় তেন্তে বেটেৰীচালিত বাহনৰ বজাৰত এক নতুন যুগৰ সূচনা হব৷ দুই প্ৰতিষ্ঠানেই লাভৰ মুখ দেখিব৷ কেইবাদিন পূৰ্বে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে জনাই দিছে যে আগন্তুক কেইবাবছৰৰ ভিতৰত ভাৰতৰ বজাৰত বেটেৰীচালিত বাহনক অগ্ৰাধিকাৰ দিয়া হব৷ ফলত ইন্ধন চালিত বাহনৰ ব্যৱহাৰ কমিব আৰু বেটেৰী চালিত বাহনৰ ব্যৱহাৰ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ