অসম লাইভ২৪ঃ হামাছৰ আক্ৰমণত ৰক্তাক্ত ইজৰাইল। ২০ মিনিটৰ ভিতৰত ৫হাজাৰ ৰকেটেৰে হামাছে কৰা আক্ৰমণৰ প্ৰত্তুত্ত্যৰ দিছে ইহুদি সেনাই। ইয়াৰ পূৰ্বেও অক্টোবৰ মাহতেই একাধিক আত্মঘাতী আক্ৰমণ চলাইছে পেলেষ্টাইনৰ এই সন্ত্ৰাসবাদী সংগঠনটোৱে। প্ৰত্যেকবাৰ আক্ৰমণৰ বাবে হামাছে অক্টোবৰ মাহটোৱেই কিয় বাচি লয়? যুদ্ধৰ মাজতেই ভাইৰেল হৈছে হামাছে অক্টোবৰ মাহটোক আক্ৰমণৰ বাবে বাচি লোৱাৰ প্ৰকৃত কাৰণ। শনিবাৰে হামাছে কৰা আক্ৰমণৰ নেপথ্যৰ সম্পূৰ্ণ তথ্য ফাদিল কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে। ইয়াৰ আঁৰত আছে ‘ছিমচাট তোৰাহ’ আৰু ‘ইয়োম কিপপুৰ’। অৰ্থাৎ স্বাভাৱিকভাৱেই ৫০ বছৰ পুৰণি আৰৱ-ইজৰাইলৰ যুদ্ধৰ প্ৰসংগও ইয়াৰ সৈতে জড়িত হৈ আছে।
‘ছিমচাট তোৰাহ কি?
প্ৰতি বছৰে অক্টোবৰ মাহত ছিমচাট তোৰাহ পালন কৰে ইজৰাইলী বাসিন্দাই। ইহুদিসকলৰ পবিত্ৰ উৎসৱসমূহৰ মাজত এই উৎসৱো অন্যতম। শনিবাৰে আছিল সেই বিশেষ দিনটো। ফলত গাজা ষ্ট্ৰিপৰ সৈতে লাগি থকা এলেকাত মিউজিক ফেষ্টিভেলৰো আয়োজন কৰা হৈছিল। তাতেই গোট খাইছিল বহুসংখ্যক ইহুদি আৰু বিদেশী পৰ্যটকো। সেই ফেষ্টিভেলস্থলীতেই ‘অপাৰেছন আল-আক্সা ফ্লাড’ আৰম্ভ কৰিছিল হামাছে।
বিশেষজ্ঞসকলৰ দাবী যে, সেই দিনটোকেই বিশেষভাৱে বাছি লৈছিল জঙ্গিসকলে। উৎসৱৰ বাবেই সকলো ব্যস্ত হৈ থকাত সেই সময়েই উত্তম সময় বুলি ধৰি লৈ আক্ৰমণ চলাইছিল হামাছবাহিনীয়ে। ফলত ইহুদী ভূমিত জলপথ, স্থলপথ আৰু আকাশীপথেৰে অনুপ্ৰৱেশ কৰে হামাছে। মিউজিক ফেষ্টিভেলত সোমাই নিৰ্বিচাৰ গুলীচালনা কৰে হামাছবাহিনীয়ে। মিউজিক ফেষ্টিভেলৰ ভিতৰতেই ২৫০ জন নিৰীহক গুলীয়াই হত্যা কৰে হামাছবাহিনীয়ে। সেই স্থানৰ পৰাই মহিলাকো পণবন্দী কৰাৰ ওপৰিও মিউজিক ফেষ্টিভেলত ভাগ ল’বলৈ অহা এগৰাকী জাৰ্মাণ মহিলাক হত্যা কৰি মৃতদেহ অৰ্ধউলংগ কৰি বাহনত উঠাই লৈ ফুৰাৰ ভিডিঅ’ এক্স হেণ্ডেলত খুবেই ভাইৰেল হৈ পৰিছে।
‘ইয়োম কিপপু’ৰ যুদ্ধ
দ্বিতীয় কাৰণ হিচাপে বিশেষজ্ঞই ‘ইয়োম কিপপুৰ’ৰ কথাও প্ৰকাশ কৰিছে। ১৯৭৩ চনৰ ৬ অক্টোবৰ তাৰিখটো আছিল ইহুদিসকলৰ পবিত্ৰ দিন ইয়োম কিপপুৰ। কিন্তু সেই দিনটোতেই আৰৱৰ কেইবাখনো দেখে মিলি ইজৰাইলৰ ওপৰত আক্ৰমণ চলায়। দুই পক্ষৰ মাজত আৰম্ভ হয় ভয়ংকৰ এক যুদ্ধৰ। সেই যুদ্ধত দুইপক্ষৰেই প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হৈছিল। মাত্ৰ ২ সপ্তাহতেই ইজৰাইলে এই যুদ্ধ শেষ কৰি দিছিল। ইজৰাইলেই সেই যুদ্ধত জয়ী হয়। কেৱল সেয়াই নহয় গোলান হাইটছ, ছিনাইসহ আৰৱৰ একাধিক স্থান দখল কৰি লৈছিল ইহুদি সেনাই। যুদ্ধ চলি থকাৰ সময়ত সেইবাৰ ইজৰাইলক সমৰ্থন কৰা সকলো দেশকে আৰৱৰ দেশসমূহে ধমকি দিছিল। পশ্চিমীয়া দেশসমূহে তেল সৰবৰাহ বন্ধ কৰাৰ বাবে ধমকি দিছিল। কিন্তু সেই ধমকি কামত নাহিল। কোনো দেশৰ সহায় নোলোৱাকৈয়ে ইজৰাইলে সেই যুদ্ধৰ অন্ত পেলায়। সেই পৰাজয়ক সহজভাৱে আজিও স্বীকাৰ কৰি ল’ব নোখোজে হামাছবাহিনীয়ে। সেয়ে সেই কটা ঘাত প্ৰলেপ লগাবলৈকে এইবাৰ আকৌ আক্ৰমণ চলাইছে হামাছে। সেয়ে শনিবাৰে গাজা ষ্ট্ৰীপ এলেকাত ২০ মিনিটৰ ভিতৰত ৫হাজাৰ ৰকেটেৰে আক্ৰমণ চলায়। হামাছৰ এই আক্ৰমণৰ প্ৰত্তুত্ত্যৰ দিবলৈকে এইবাৰ ইজৰাইলেও এখন পূৰ্ণকালীন যুদ্ধৰ আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ