পুনৰ জ্বলি উঠিল ইৰাণ, ইজৰাইলৰ আক্ৰমণত ধ্বংস ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ
শুকুৰবাৰে মাজনিশা পুনৰ জ্বলি উঠিল ইৰাণ। ইজৰাইলে পুনৰ আক্ৰমণ চলালে ইৰাণৰ ওপৰত। ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ ধ্বংস এই আক্ৰমণত। মুখ্যতঃ ইৰাণৰ ৰাজধানী তেহৰানক লক্ষ্য কৰি ইজৰাইলে বৰষুণৰ দৰে নিক্ষেপ কৰিলে বহু মিছাইল
এই আক্ৰমণত তেহৰানত তীব্ৰ গতিত কাম চলি থকা পৰমাণু কাৰ্যক্ৰমত আঘাত সানে। লগতে এই আক্ৰমণত ইৰাণৰ সেনা প্ৰমুখৰ লগতে নিউক্লিয়াৰ বৈজ্ঞানিক লগতে বহু উচ্চপদস্থ বিষয়াৰ মৃত্যু হোৱাৰ দাবী কৰিছে।
এই আক্ৰমণৰ সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেত্যানাহুৱে দাবী কৰে যে ইজৰাইলে ‘লক্ষ্যভিত্তিক’ অভিযান আৰম্ভ কৰিছে। নেত্যানাহুৱে কয় যে ইৰাণৰ পাৰমাণৱিক বিজ্ঞানীসকলক লক্ষ্য কৰি লোৱা হৈছে।
ইফালে ইৰাণৰ সেনাই নিজৰ অফিচিয়েল একাউণ্টৰ পৰা কয় যে ‘মনত ৰাখিব আমি এইটো (যুদ্ধ) আৰম্ভ কৰা নাই’ (Remember, we didn’t initiate it.) । এই টুইটৰ পিছত ইৰাণেও যিকোনো সময়তে ইজৰাইলক আক্ৰমণ কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















