অসম লাইভ২৪ঃ অসমলৈ আহি আছে ইছৰোৰ চেয়াৰমেন এছ সোমনাথ। বিহুৰ বতৰতে অসম ভ্ৰমণত আহিব ইছৰোৰ চেয়াৰমেন এছ সোমনাথ। প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব এছ সোমনাথে। আগন্তুক ১৭ জানুৱাৰীত প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপতো মিলিত হ’ব এছ সোমনাথ।
ইছৰোৰ দুটাকৈ সফলতাৰ কথাও আলোচনা হ’ব এই অনুষ্ঠানত। অনুষ্ঠানত উপস্থিত থাকি চন্দ্ৰযান-৩ৰ সফলতা আৰু আদিত্য এল-১ ৰ সফলতাক বিশেষভাৱে অসমৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে উদযাপন কৰিব এছ সোমনাথে। এছ সোমনাথ আহিবলগা এই বিশেষ অনুষ্ঠানৰ আয়োজক কমিটিৰ সদস্য তথা প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ জগদীশ কাকতিয়ে জনোৱা অনুসৰি, ‘এছ সোমনাথ উপস্থিত থাকিবলগা এই বিশেষ অনুষ্ঠানটো আয়োজন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। সেই বিশেষ দিনটো যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাৰো মৃত্যু দিন সেয়ে শিল্পী দিৱসৰো বিশেষ আয়োজন কৰা হৈছে। এছ সোমনাথেও এই সভাত অংশ লৈ মহাকাশ গৱেষণা সন্দৰ্ভত বিশেষ বক্তব্য ৰাখিব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ