উপ-ৰাষ্ট্ৰপতিৰ হঠাতে পদত্যাগৰ পাছৰ কাৰণ কি! বিৰোধীয়ে দিছে অন্য ইংগিত
জগদীপ ধনখৰে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছতে দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ৰাষ্ট্ৰপতিয়েও স্বীকাৰ কৰে ধনখৰৰ পদত্যাহ পত্ৰ।
কিন্তু প্ৰকৃততে হঠাতে উপ-ৰাষ্ট্ৰপতিৰ পদত্যাগৰ কাৰণ কি! ইয়াৰ আঁৰত আন কিবা কাহিনী আছে বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ দাবী ২১ জুলাই সোমবাৰে মনছুন অধিৱেশনৰ প্ৰথম দিনাই ন্যায়াধীশ ভাৰ্মাক টকা কাণ্ডৰ বাবে অপসাৰণৰ বিৰুদ্ধে বিৰোধীয়ে প্ৰস্তাৱ আনিছিল। এই বিষয়টোৱেই উপৰাষ্ট্ৰপতিৰ পদত্যাগৰ কাৰণ হ’ব পাৰে বুলি অনুমান কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰলৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এটা ফোন আহিছিল। সেই ফোনতেই কাজিয়া আৰম্ভ হৈছিল। সেই ফোনৰ পিছতেই জগদীপ ধনখৰৰ হাতত থাকি গৈছিল কেৱল পদত্যাগ কৰাৰ বিকল্প।
প্রতিবেদন অনুসৰি প্রাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ এই পদক্ষেপত ক্ষুব্ধ হৈ পৰিছিল কেন্দ্র ৷ এই বিষয়ত জগদীপ ধনখৰৰ সৈতে যেতিয়া ফোনত কথা পাতিছিল, তেতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে আৰম্ভ হৈছিল উত্তপ্ত বিতৰ্ক।
কেৱল এয়াই নহয়, প্ৰতিবেদনত দাবী কৰা হৈছে যে এই কথা-বতৰাৰ পিছত জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ ক্ষেত্ৰতো আলোচনা আৰম্ভ হৈছিল ৷ যাৰ বাবেই এই কথা জানিব পাৰি ধনখৰে নিজেই পদত্যাগ কৰে।
কিন্তু এই পদত্যাগৰ আঁৰৰ কাৰণ ধনখৰে নিজে প্ৰকাশ কৰা অনুসৰি স্বাস্থ্যজনিত কাৰণ বুলি উল্লেখ কৰে। কিন্তু ইয়াৰ সত্যতা এতিয়ালৈকে প্ৰকাশ হোৱা নাই। বহুতেই বিভিন্ন কাৰণ থকা বুলি উল্লেখ কৰিছে ইয়াৰ পাছত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















