প্ৰতিবছৰে আমাৰ দেশত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ অত্যন্ত আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়৷ এই উৎসৱ ভক্তি আৰু বিশ্বাসৰ প্ৰতীক৷ জ্যোতিষশাস্ত্ৰতো এই উৎসৱৰ বিশেষ তাৎপৰ্য আছে৷ কাৰণ ৰাশিচক্ৰৰ ওপৰত দেৱতাৰ কৃপা থকাৰ কথা উল্লেখ আছে জ্যোতিষশাস্ত্ৰত৷ এই বছৰ জন্মাষ্টমী ১৬ আগষ্টত পালিত হব৷ পঞ্জিকা অনুসৰি কোন ৰাশিচক্ৰ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয়, কাৰ কাৰ ওপৰত তেওঁৰ বিশেষ আশীৰ্বাদ বৰ্ষিত হয় সেয়া এই প্ৰতিবেদনত বিস্তাৰিতভাৱে উল্লেখ আছে৷
জ্যোতিষশাস্ত্ৰত উল্লেখ থকামতে ১২ ৰাশিৰ মাজত এক বা অন্য ৰাশিৰ ওপৰত বেলেগ বেলেগ দেৱতাৰ বিশেষ আশীৰ্বাদ থাকে৷ একেধৰণে চাৰি ৰাশিৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয় বুলি ধাৰণা কৰা হয়৷ কৃষ্ণৰ আশীৰ্বাদৰ কাৰণে এই ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা থাকে৷ এই জাতক জাতিকাই ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় বুলি ধাৰণা কৰা হয়৷ এই জাতক জাতিকাই অগ্ৰগতিত সাফল্য অৰ্জন কৰে৷ কঠিন পৰিস্থিতি সহজেই মোকাবিলা কৰিব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাই ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ আশীৰ্বাদ লাভ কৰে৷ শ্ৰীকৃষ্ণৰ প্ৰিয় ৰাশি হিচাপেও ইয়াক বিবেচনা কৰা হয়৷ এই ৰাশিৰ জাতক জাতিকাই যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ পূজা বা আৰাধনা কৰে তেতিয়াই তাৰ শুভ ফল লাভ কৰে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাই ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা লাভ কৰিব পাৰে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই ৰাশিৰ জাতক জাতিকাৰ যিসকলে নিয়মিত ভগৱান শ্ৰীকৃষ্ণৰ উপাসনা আৰু আৰাধনা কৰে তেওঁলোকৰ জীৱনত কেতিয়াও কোনো অভাৱ নহয়৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকা সাহস আৰু সাহসিকতাৰে ভৰপুৰ৷ কোৱা হয় যে এই ৰাশিৰ জাতক জাতিকাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা আছে৷ ভগৱানৰ আশীৰ্বাদত সকলো ধৰণৰ কাম সফলভাৱে সম্পন্ন হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ