সুসজ্জিত ঘৰ৷ আছে নিশা কটাব পৰাৰো সুবিধা৷ অথচ ভাৰা নামমাত্ৰ৷ ভাৰতীয় টকাত ৬০ টকাতকৈয়ো কম৷ এই হোটেলত নিশা কটোৱাৰ মূল্য একাপ কফিৰ খৰচতকৈ কম৷ যিসকলে সস্তাত হোটেল বিচাৰি আছে তেওঁলোকৰ বাবে এয়া চন্দ্ৰক হাতত ঢুকি পোৱাৰ দৰে কথা৷
কিন্তু এই টকাত হোটেলত থাকিবলৈ হ’লে মানিব লাগিব এটা বিশেষ চৰ্ত৷ ভাৰতৰ কোনো চহৰত নহয়, প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰত আছে এই হোটেল৷ জাপানী মুদ্ৰাত ১০০ ইয়েন দিলেই থকাৰ সমস্ত বন্দোবস্ত হৈ যাব৷ এই দ্বীপৰাষ্ট্ৰত সকলো মানুহেই খুবেই নিয়মানুবৰ্তিতাৰে চলে৷ জাপান বুলিলেই চকুৰ সন্মুখত ভাহি উঠে চেৰিফুলৰ স্নিগ্ধ সৌন্দৰ্য, ৰঙীন উজ্জ্বল কিমোনো৷ আৰু খাদ্যৰসিক হ’লে সুখী, টেম্পুৰা, ষ্টিকি ৰাইছ, কিমবাপৰ দৰে খাদ্য৷ জাপানৰ অধিকাংশ চহৰেই খুবেই নিখুঁতভাৱে গঢ়ি তোলা৷ আৰু এই চহৰো তেনেকৈয়ে নিখুঁতভাৱে সজাই তোলা হৈছে৷
এই জাপানৰেই এই বিশেষ চহৰৰ নাম হৈছে ফুকুয়োকায়৷ আৰু ইয়াতেই আছে আছি ৰোওকান নামৰ এই বিশেষ হোটেল৷ তাতেই খুবেই সস্তাত ৰুম ভাড়ালৈ দিয়া হয়৷ সস্তাতেই ঘৰ দিছে বুলি ঘৰৰ অৱস্থা বেয়া বুলি নাভাৱিব৷ জাপানী কয়দাৰে সুসজ্জিত সেই ঘৰত আছে বিছনা, টিভি, সৰু কফি টেবুলকে ধৰি প্ৰয়োজনীয় সকলো আচবাবেই৷
অৱশ্যে এই হোটেলত থাকিবলৈ হ’লে যি চৰ্ত মানিব লাগিব সেয়া কিন্তু সহজো নহয়৷ হোটেলৰ ৰুমটো ২৪ ঘণ্টাই কেমেৰাৰ আওঁতাত থাকে৷ সেয়ে সকলো অতিথিয়েই কেমেৰাৰ আওঁতাতেই থাকে৷ হোটেলত যিমান সময় অতিথিসকল থাকিব তেওঁলোকৰ সকলো কাৰ্যকলাপেই লাইভ ষ্ট্ৰিমিং হৈ থাকিব৷ হোটেলখনৰ নিজস্ব এটা ইউটিউব চেনেসৰ নাম ৱান ডলাৰ হোটেল৷ হোটেলখনৰ ভাড়া নামমাত্ৰ ৰখাৰ কাৰণ হৈছে ইউটিউব লাইভষ্ট্ৰিমৰ পৰা অহা অৰ্থৰে নিজৰ উপাৰ্জন কৰে হোটেল কৰ্তৃপক্ষই৷
২৭ বছৰৰ তৰুণ ইউটিউবাৰ টেটুছুয়া ইনয়ুয়ে এই হোটেল চোৱাচিতা কৰে৷ কিন্তু এই হোটেলৰ মালিক তেওঁৰ আইতাক৷ ইউটিউব চেনেলটোৰ মালিক টেটুছুয়া৷ আছি ৰোওকানৰ পৰিচালনাৰ ভাৰ যেতিয়া তৃতীয় প্ৰজন্মৰ হাতলৈ আহে তেতিয়া নতুন কিছু উপায়েৰে ব্যৱসায়ত উন্নতি কৰিব খুজিছে টেটুছুয়াই৷
ইণ্টাৰনেট ব্যৱহাৰ কৰি নতুন দৰ্শক আৰু নতুন আয়ৰ উৎস তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছিল ২০১৯ চনত৷ এক ব্ৰিটিছ পৰ্যটকে এই হোটেলত থকাৰ সময়ত লাইভষ্ট্ৰিম কৰাৰ পাছত জাপানি যুৱকৰ মূৰলৈ আহে এই বিষয়টো৷ আছি ৰোওকানলৈ অহা অতিথিৰ ওচৰত তেওঁ প্ৰস্তাৱ ৰাখে যে যদি তেওঁলোকে লাইভষ্ট্ৰিম কৰাত সন্মতি প্ৰদান কৰে তেন্তে মাত্ৰ ১০০ ইয়েন ভাৰা দিয়েই এই হোটেলত সময় কটাব পাৰিব৷
ঘৰটোত লগোৱা আছে একাধিক কেমেৰা৷ সেই কেমেৰাত উঠা দৃশ্য লাইভষ্ট্ৰিম হৈ থাকে বিশেষ ইউটিউব চেনেলত৷ অৱশ্যে ঘৰৰ বাথৰুমৰ অংশ কেমেৰাৰ বাহিৰত আছে বুলি জনাইছে হোটেল কৰ্তৃপক্ষই৷ অতিথিসকলৰ কথোপকথন আৰু ফোনালাপ ৰেকৰ্ড কৰা নহয়৷ কেৱল ভিডিঅ’সমূহ সম্প্ৰচাৰ কৰা হয়৷ এই কথা জনাইছে হোটেল কৰ্তৃপক্ষই৷
অতিথিসকলে পোহৰৰ ব্যৱস্থা অন অফ নিজ ইচ্ছাৰেই কৰিব পাৰে৷ অতিথিসকলৰ ব্যক্তিগত নথি যেনে পাছপোৰ্ট আৰু ক্ৰেডিট কাৰ্ডৰ তথ্য কেমেৰাৰ সম্মুখত অনা নহয়৷ লাইভ ষ্ট্ৰিমিঙৰ সময়ত নগ্নতা কঠোৰভাৱে নিষিদ্ধ৷ ইয়াৰোপৰি কোনোধৰণেই লাইভৰ কেমেৰাও বন্ধ কৰিব নোৱাৰিব৷ সেয়ে সেই হোটেলত থাকোতে নগ্নতা একেবাৰেই নিষিদ্ধ৷
অৱশ্যে হোটেলখনৰ এটা মাত্ৰ কক্ষতেই এই ধৰণৰ লাইভ ষ্ট্ৰিমিঙৰ বাবে কেমেৰা লগোৱা হৈছে৷ হোটেলৰ ৮ নম্বৰ ঘৰটোত যিসকল থাকিব তেওঁলোকে কম ভাড়াতেই এই সুবিধা পাব৷ টেটুছুয়াই জনাইছে যে কম ভাড়াৰ বাবে হোটেলৰ অতিথিসকলে তেওঁলোকৰ গোপনীয়তা ত্যাগ কৰাটো পছন্দ নকৰে৷ হোটেলৰ ইউটিউব চেনেলত ২৪ ঘণ্টা লাইভষ্ট্ৰিমত থাকিবলৈকো তেওঁলোক সন্মত হয়৷ চেনেলটোৰ কেইবাহাজাৰৰো বেছি গ্ৰাহক আছে৷ প্ৰথমবাৰ চাৰিজন অতিথিয়ে এই পৰিসেৱা ল’বলৈ সন্মত হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















