• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুকুৰ হ’বলৈ ১২ লাখ টকা ব্যয় এক যুৱকৰ! কুকুৰ হোৱা এই যুৱক কোন?

কুকুৰ হ’বলৈ ১২ লাখ টকা ব্যয় এক যুৱকৰ! কুকুৰ হোৱা এই যুৱক কোন?

4 years ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

4 minutes ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

27 minutes ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

58 minutes ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

3 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

3 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

5 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

13 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

14 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

14 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

15 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কুকুৰ হ’বলৈ ১২ লাখ টকা ব্যয় এক যুৱকৰ! কুকুৰ হোৱা এই যুৱক কোন?

editor by editor
May 26, 2022
in বিবিধ, বিশ্ব
0
কুকুৰ হ’বলৈ ১২ লাখ টকা ব্যয় এক যুৱকৰ! কুকুৰ হোৱা এই যুৱক কোন?
0
SHARES
445
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সেই তাহানিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ‘কুকুৰ শৃগাল গদ্দৰ্ভৰো আত্মাৰাম!’ বুলি লিখি কুকুৰ, শিয়াল, গৰ্দ্দভৰো আত্মা থকা বুলি কৈ সকলোকে সমদৃষ্টিৰে চাবলৈ মানুহক আহ্বান জনাইছিল৷ এয়া আজিৰ পৰা প্ৰায় ৬/৭ শতিকাৰ আগৰ কথা৷

কিন্তু আধুনিক বিশ্বত শিয়াল আৰু গদ্দৰ্ভক মানুহে বিশেষ স্নেহ দৃষ্টিৰে নাচালেও কুকুৰৰ প্ৰতি মানুহৰ দৃষ্টিভংগী যথেষ্ট সলনি হৈছে৷ বিশেষকৈ উন্নত জাতৰ অৰ্থাৎ বৰ্ণ শংকৰ জাতৰ কুকুৰৰ সৈতে আধুনিক বিশ্বৰ আঢ্যৱন্ত আৰু মধ্যবিত্ত মানুহৰ এক পাৰিবাৰিক সম্পৰ্কৰ সৃষ্টি হোৱা দেখা গৈছে৷

মানুহ আৰু উন্নত জাতৰ কুকুৰৰ সৈতে মানুহৰ এই পাৰিবাৰিক সম্পৰ্ক সৃষ্টি হোৱাৰ সময়তে এতিয়া মানুহ আৰু কুকুৰ কেন্দ্ৰিক এক অতি চিত্তাকৰ্ষক বাতৰিয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷ এই বাতৰি লাভ কৰি বিশ্বৰ বহু লোক স্তম্ভিত হোৱাও দেখা গৈছে৷

লগতে পঢ়ক সন্ত্ৰাসবাদীক ধনৰ যোগান! কাশ্মীৰী বিচ্ছিন্নতাবাদী ইয়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

প্ৰকাশিত খবৰ মতে এজন জাপানী যুৱকে প্ৰায় ১২ লাখ টকা ব্যয় কৰি নিজকে কুকুৰলৈ ৰূপান্তৰ কৰি তুলিছে৷ ইন্টাৰনেটৰ মাধ্যমৰে এই বাতৰি লাভ কৰি এতিয়া বিশ্ববাসী স্তম্ভিত হোৱাৰ লগতে বিভিন্ন প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে৷

প্ৰকাশিত বাতৰিৰ মতে টুকো নামৰ জাপানৰ উক্ত যুৱকজনৰ নিজকে পশুৰ দৰে সজাই পৰাই তোলাৰ দীৰ্ঘদিনীয়া সপোন আছিল৷ সেই সপোন বাস্তৱায়িত কৰিবলৈকে যুৱকজনে ১২ লাখ টকা ব্যয় কৰি নিজকে এটা কুকুৰৰ ৰূপ দিছে৷

যুৱকজনে টুকো এভি নামৰ টুইটাৰ হেণ্ডলত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে তেওঁ আজীৱন দেখি থকা এটা সপোন পূৰণ কৰি  ‘collie’লৈ ৰূপান্তৰ কৰি তুলিছে৷

লগতে পঢ়ক যুৱক-যুৱতীসকলৰ মাজত পাইলছৰ সমস্যা বাঢ়িছে কিয়? ইয়াৰ সমাধান কি?

জেপেট’ নামৰ এটা পেছাদাৰী সংস্থাই যুৱকজনক এই ৰূপ দিয়া বুলিও কোৱা হৈছে৷ আচলতে যুৱকজনক কোনো অস্ত্ৰোপচাৰৰ দ্বাৰা কুকুৰলৈ ৰূপান্তৰ কৰা হোৱা নাই৷ সংস্থাটোৱে যুৱকজনৰ বাবে এটা কুকুৰৰ আকৃতিৰে অতি ব্যয়বহুল এক পোছাকহে প্ৰস্তুত কৰি উলিয়াইছে৷

স্থানীয় জাপানী সংবাদ মাধ্যম news.mynaviৰ মতে জেপেট’ নামৰ সংস্থাটোৱে চিনেমা, বিজ্ঞাপন, বিনোদনৰ সুবিধাৰ বাবে বৃহৎ সংখ্যক ভাস্কৰ্য্য প্ৰদান কৰে আৰু লগতে টিভিত দেখা পোৱা সাজ-পোছাক আৰু জাপানৰ বিখ্যাত মাস্কট’ চৰিত্ৰৰ সাজ-পোছাকো প্ৰস্তুত কৰে। সংস্থাটোৱে যুৱকজনৰ এই গোটেই সাজ-পোছাকটো প্ৰস্তুত কৰোতে ১২ লাখ (২০ লাখ য়েন)তকৈ অধিক খৰচ হোৱাৰ লগতে ৪০ দিন সময় লাগিছিল।

লগতে পঢ়ক খঙত টিঙিৰি-তুলা চীন! চাৰিও পিনৰ পৰা চীনক চেপি ধৰিছে চাৰি ৰাষ্ট্ৰৰ QUADএ!

টুকোৱে news.mynaviandৰে হোৱা এক সাক্ষাৎকাৰত সোধা এক প্ৰশ্নৰ উত্তৰত কয়, “মই ইয়াক ‘collie’ বনাইছো, কাৰণ ই মোৰ ৰুচি আৰু এই সাজ-পোছাক পিন্ধিলে ইয়াক বাস্তৱিকৰূপত দেখা যায়। মৰমলগা জীৱ-জন্তুবোৰ মোৰ প্ৰিয়। তাৰ ভিতৰত মই ভাবিলো যে মই এটা ডাঙৰ জন্তুক বাছনি কৰিলে ভাল হ’ব, গতিকে মই কুকুৰ বনাবলৈ সিদ্ধান্ত ললো।’’

সাক্ষাৎকাৰ গ্ৰহণকাৰীয়ে তেওঁক সুধিছিল যে তেওঁ নিজৰ অংগ-প্ৰত্যংগসমূহ মুক্তভাৱে চলাব পাৰিব নেকি? ইয়াৰ উত্তৰত তেওঁ কয়, “নিষেধাজ্ঞা আছে, কিন্তু আপুনি ইয়াক লৰচৰ কৰিব পাৰে। অৱশ্যে বেছিকৈ লৰচৰ কৰিলে কুকুৰৰ দৰে দেখা নাযাব।”

আনকি টুকোৰ নিজা ইউটিউব চেনেল আছে য’ত এটা ভিডিঅ’ত তেওঁক কুকুৰৰ অংগী ভংগী কৰি থকা দেখা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamJapanese Man
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!
বাণিজ্য

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

March 30, 2026
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
জীৱনশৈলী

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

March 30, 2026
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!
বাণিজ্য

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

March 30, 2026
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী
ক্ৰীড়া

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

March 30, 2026
Next Post
স্বাধীনতাৰ পিছত প্ৰথমবাৰ হাইস্কুল লাভ অসমৰ চাহ বাগিচাৰ

স্বাধীনতাৰ পিছত প্ৰথমবাৰ হাইস্কুল লাভ অসমৰ চাহ বাগিচাৰ

টেক্সাছৰ শিশু হত্যাকাণ্ড : সঁচাই ট্ৰেন্সজেণ্ডাৰ আছিল নেকি আক্ৰমণকাৰী?

টেক্সাছৰ শিশু হত্যাকাণ্ড : সঁচাই ট্ৰেন্সজেণ্ডাৰ আছিল নেকি আক্ৰমণকাৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.