• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খঙত টিঙিৰি-তুলা চীন! চাৰিও পিনৰ পৰা চীনক চেপি ধৰিছে চাৰি ৰাষ্ট্ৰৰ QUADএ!

খঙত টিঙিৰি-তুলা চীন! চাৰিও পিনৰ পৰা চীনক চেপি ধৰিছে চাৰি ৰাষ্ট্ৰৰ QUADএ!

4 years ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

10 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

10 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

10 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

11 hours ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

11 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

12 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

12 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

13 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

15 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

15 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

16 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

খঙত টিঙিৰি-তুলা চীন! চাৰিও পিনৰ পৰা চীনক চেপি ধৰিছে চাৰি ৰাষ্ট্ৰৰ QUADএ!

editor by editor
May 25, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
খঙত টিঙিৰি-তুলা চীন! চাৰিও পিনৰ পৰা চীনক চেপি ধৰিছে চাৰি ৰাষ্ট্ৰৰ QUADএ!
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি হওঁ কালি হওঁ কৈ থকা তৃতীয় বিশ্ব যুদ্ধখন আৰম্ভ হোৱাৰ দিশেই আগবাঢ়িছে নেকি? তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনীয়তাৰে উমি উমি জ্বলা জুইকুৰাত ৰাছিয়াৰ সৈতে সখী পাতি হোৰাহোৰে তেল ঢালিছে নেকি চীনে? চীনৰ প্ৰৰোচনাত পৰি ৰাছিয়া-ভাৰতৰ মাজত গজালি মেলিব নেকি শত্ৰুতাৰ বীজ? বিশ্বৰ মহাশক্তিশালী ৪ ৰাষ্ট্ৰৰ মহাসভা চলি থাকোতেই এইসমূহ প্ৰশ্নৰ এতিয়া উদ্ৰেক ঘটিছে৷ অৰ্থাৎ বোমাৰু বিমানেৰে এণ্ট্ৰী মাৰি চীনে প্ৰত্যাহ্বান জনোৱাৰ সময়তে চীনৰ এনে কাণ্ডত জকজকাই উঠিছে মহাশক্তিশালী বিশ্বৰ ৪ ৰাষ্ট্ৰৰ Quadrilateral Security Dialogue(QUAD)এ৷

জ্যামিতিক ভাষাৰে ইংৰাজীৰ কোৱাড্ৰিলেটাৰিয়েল শব্দৰ অৰ্থ অসমীয়াত হৈছে চতুৰ্ভূজ৷ অৰ্থাৎ ৪ সৰল ৰেখা সংলগ্ন হোৱা ৪টা কোণ৷ আৰু বিশ্বৰ ভূগোল মেপত কোৱাড্ৰিলেটাৰিয়েলক ভাগ কৰা হৈছে এনেদৰে৷ ইয়াৰে এটা প্ৰান্তত জাপান, অন্যটো প্ৰান্তত আমেৰিকা যুক্তৰাষ্ট্ৰ৷ ইয়াৰ বিপৰীত প্ৰান্তত ভাৰত আৰু অষ্ট্ৰেলিয়া৷ এক চতুৰ্ভুজ আকৃতিলৈ বিশ্ব মেপত এনেদৰেই ৪ ৰাষ্ট্ৰ সংযুক্ত হৈ সৃষ্টি হৈছে কোৱাড সংস্থা৷ জাপানৰ পূৰ্বৰ প্রধানমন্ত্ৰী ছিনজৌ আবেৰ প্ৰচেষ্টাত ২০০৭ চনত গঠন হৈছিল এই কোৱাড সংস্থাৰ৷

এই সংস্থা গঠনৰ আঁৰৰ মূল কাৰণ আছিল ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ অন্য ৰাষ্ট্ৰৰ লগতে বিশেষকৈ চীনৰ সাগৰীয় আগ্ৰাসনক ৰোধ কৰাৰ৷ কিন্তু এই ৪ ৰাষ্ট্ৰৰ মাজত বিভিন্ন সময়ত হোৱা মতানৈক্য আৰু সময়ে সময়ে সলনি হোৱা চৰকাৰৰ বাবে কিছু পৰিমাণে তালমিল হেৰুৱাই পেলাইছিল কোৱাড সংস্থাই৷ কিন্তু বিগত কিছু বছৰৰ পূৰ্বৰে পৰা ভাৰত-প্ৰশান্ত মহাসাগৰ তথা INDO-PACIFIC OCEANত বৃদ্ধি পাইছিল চীনৰ আগ্ৰাসনৰ নীতি৷ যাৰ বাবে ২০১৭ চনত পুনৰ সক্ৰিয় হৈ পৰে ৪ ৰাষ্ট্ৰৰ কোৱাড সংস্থাই৷

লগতে পঢ়ক প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ গুলীচালনা, ১৯ শিশুসহ ২ জন লোক নিহত

এই ৪ ৰাষ্ট্ৰই গঠন কৰা কোৱাডৰ এই বৰ্ষৰ বিশেষ সভা অনুষ্ঠিত হৈছিল জাপানত৷ ২৪ মে’ তাৰিখে অনুষ্ঠিত হোৱা এই কোৱাড সভাত অংশ লৈছিল বিশ্বৰ মহাশক্তিশালী ৪ ৰাষ্ট্ৰৰ নেতা অষ্ট্ৰেলিয়াৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থ’নী আলবেনেছ, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্রধানমন্ত্ৰী ফুমিও কিছিডা৷

কোৱাডৰ এই সিদ্ধান্ত অনুসৰি বিগত কেইবাটাও বৰ্ষ ধৰি উক্ত ৪ কোৱাড ৰাষ্ট্ৰই বিভিন্ন সময়ত যুটীয়াভাৱে সৈন্য অভ্যাস চলাই আহিছিল৷ জাপানৰ ৰাজধানী টকিঅ’ত অনুষ্ঠিত হোৱা এই বৰ্ষৰ কোৱাড সভাত ক’ভিডসৃষ্ট পৰিবেশ, জলবায়ু পৰিৱৰ্তন, ৪ ৰাষ্ট্ৰৰ সামৰিক আৰু কাৰিকৰী কৌশলৰ লগতে চীনৰ বিৰুদ্ধে গ্ৰহণ কৰিছিল এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ যি সিদ্ধান্তত খঙত টিঙিৰিটোলা হৈ পৰিছিল চীন৷ চীনৰ বিৰুদ্ধে লোৱা কোৱাডৰ এই বিশেষ সিদ্ধান্তটো হৈছে Indo-Pacific Partnership Maritime Domain Awareness, চমু নাম IPMDA৷

এই সিদ্ধান্ত গ্ৰহণ কৰাৰ মূল কাৰণ হ’ল বিগত বহুবছৰ ধৰি চীনৰ সামুদ্ৰিক জাহাজসমূহে সাগৰীয় পথেৰে এখন দেশৰ পৰা অন্য দেশলৈ সামগ্ৰী ৰপ্তানি কৰাৰ নামত জাহাজৰ ওপৰৰ ভাগত লাগি থকা ৰাডাৰ ছিষ্টেম বন্ধ কৰি অন্য ৰাষ্ট্ৰৰ সাগৰীয় সীমাত প্ৰৱেশ কৰি আগ্ৰাসনমূলক কামকাজ কৰি আহিছে৷ লগতে অন্য ৰাষ্ট্ৰৰ সাগৰীয় ভূ-খণ্ডত প্ৰৱেশ কৰি ৰাডাৰ বন্ধ কৰি বিভিন্ন সময়ত মৎস্য চিকাৰ কৰাৰো অভিযোগ উঠি আহিছিল চীনা জাহাজৰ বিৰুদ্ধে৷

লগতে পঢ়ক ২৬% শতাংশ ৰেহাই, তাৰ পিছতো এটা প্লাষ্টিকৰ বাল্টিৰ দাম ২৬ হাজাৰ টকা! ক’ত?

কিন্তু চীনৰ এই আগ্ৰাসনমূলক নীতিক ইণ্ডো-পেছিফিক অ’চেনত ৰোধ কৰিবৰ বাবে কোৱাড ৰাষ্ট্ৰই এইবৰ্ষৰ চীনৰ বিৰুদ্ধে গ্ৰহণ কৰে উক্ত বিশেষ সিদ্ধান্ত৷ এই সিদ্ধান্ত অনুসৰি ছেটেলাইট মাধ্যমেৰে চতুৰ ৰঙা চীনৰ জাহাজক পৰ্যবেক্ষণ কৰিব কোৱাড ৰাষ্ট্ৰই৷ পিছে কোৱাড ৰাষ্ট্ৰৰ এনে সিদ্ধান্তত জকজকাই উঠিল চীন৷ যাৰ পৰিপ্ৰেক্ষিতত খৰ্গহস্ত হৈ পৰা চীনে ২৪ মে’ত অনুষ্ঠিত হৈ থকা কোৱাড সভাৰ মাজতেই দুখন বোমাৰু বিমানেৰে প্ৰৱেশ কৰে জাপানৰ সাগৰীয় সীমাত৷ আৰু চীনৰ যুঁজাৰু বিমান জাপানৰ জলসীমাত প্ৰৱেশ কৰাৰ খবৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷

একাংশ সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ যে চীনৰ যুদ্ধ জাহাজক এই ক্ষেত্ৰত সংগ দিছিল ৰাছিয়াৰ যুদ্ধ জাহাজে৷ আনহাতে জাপানৰ অন্য এটা সাগৰীয় সীমাৰ প্ৰান্তেৰে চীনৰ নৌ সেনায়ো জাপানক কিছু পৰিমাণে ঘেৰিবলৈ চেষ্টা কৰাৰো অভিযোগ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে৷

ইফালে ৪ ৰাষ্ট্ৰৰ কোৱাড সভা চলি থকাৰ মাজতে চীনৰ যুদ্ধ জাহাজ জাপানৰ সীমাত প্ৰৱেশ কৰা খবৰক ৪ কোৱাড ৰাষ্ট্ৰই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত চীনে এয়া তেওঁলোকৰ বায়ু সেনাৰ দৈনিক সৈন্য অভ্যাস বুলি দাবী জনায়৷ আনহাতে ৰাছিয়াৰ যুদ্ধ জাহাজেও চীনৰ যুদ্ধ জাহাজক সংগ দিয়া অভিযোগক লৈ ৰাছিয়াৰ ফালৰ পৰা কোনোধৰণৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamQUAD
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা
ভাৰত

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

September 6, 2026
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
Next Post
যুৱক-যুৱতীসকলৰ মাজত পাইলছৰ সমস্যা বাঢ়িছে কিয়? ইয়াৰ সমাধান কি?

যুৱক-যুৱতীসকলৰ মাজত পাইলছৰ সমস্যা বাঢ়িছে কিয়? ইয়াৰ সমাধান কি?

সন্ত্ৰাসবাদীক ধনৰ যোগান! কাশ্মীৰী বিচ্ছিন্নতাবাদী ইয়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

সন্ত্ৰাসবাদীক ধনৰ যোগান! কাশ্মীৰী বিচ্ছিন্নতাবাদী ইয়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.