আজি হওঁ কালি হওঁ কৈ থকা তৃতীয় বিশ্ব যুদ্ধখন আৰম্ভ হোৱাৰ দিশেই আগবাঢ়িছে নেকি? তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনীয়তাৰে উমি উমি জ্বলা জুইকুৰাত ৰাছিয়াৰ সৈতে সখী পাতি হোৰাহোৰে তেল ঢালিছে নেকি চীনে? চীনৰ প্ৰৰোচনাত পৰি ৰাছিয়া-ভাৰতৰ মাজত গজালি মেলিব নেকি শত্ৰুতাৰ বীজ? বিশ্বৰ মহাশক্তিশালী ৪ ৰাষ্ট্ৰৰ মহাসভা চলি থাকোতেই এইসমূহ প্ৰশ্নৰ এতিয়া উদ্ৰেক ঘটিছে৷ অৰ্থাৎ বোমাৰু বিমানেৰে এণ্ট্ৰী মাৰি চীনে প্ৰত্যাহ্বান জনোৱাৰ সময়তে চীনৰ এনে কাণ্ডত জকজকাই উঠিছে মহাশক্তিশালী বিশ্বৰ ৪ ৰাষ্ট্ৰৰ Quadrilateral Security Dialogue(QUAD)এ৷
জ্যামিতিক ভাষাৰে ইংৰাজীৰ কোৱাড্ৰিলেটাৰিয়েল শব্দৰ অৰ্থ অসমীয়াত হৈছে চতুৰ্ভূজ৷ অৰ্থাৎ ৪ সৰল ৰেখা সংলগ্ন হোৱা ৪টা কোণ৷ আৰু বিশ্বৰ ভূগোল মেপত কোৱাড্ৰিলেটাৰিয়েলক ভাগ কৰা হৈছে এনেদৰে৷ ইয়াৰে এটা প্ৰান্তত জাপান, অন্যটো প্ৰান্তত আমেৰিকা যুক্তৰাষ্ট্ৰ৷ ইয়াৰ বিপৰীত প্ৰান্তত ভাৰত আৰু অষ্ট্ৰেলিয়া৷ এক চতুৰ্ভুজ আকৃতিলৈ বিশ্ব মেপত এনেদৰেই ৪ ৰাষ্ট্ৰ সংযুক্ত হৈ সৃষ্টি হৈছে কোৱাড সংস্থা৷ জাপানৰ পূৰ্বৰ প্রধানমন্ত্ৰী ছিনজৌ আবেৰ প্ৰচেষ্টাত ২০০৭ চনত গঠন হৈছিল এই কোৱাড সংস্থাৰ৷
এই সংস্থা গঠনৰ আঁৰৰ মূল কাৰণ আছিল ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ অন্য ৰাষ্ট্ৰৰ লগতে বিশেষকৈ চীনৰ সাগৰীয় আগ্ৰাসনক ৰোধ কৰাৰ৷ কিন্তু এই ৪ ৰাষ্ট্ৰৰ মাজত বিভিন্ন সময়ত হোৱা মতানৈক্য আৰু সময়ে সময়ে সলনি হোৱা চৰকাৰৰ বাবে কিছু পৰিমাণে তালমিল হেৰুৱাই পেলাইছিল কোৱাড সংস্থাই৷ কিন্তু বিগত কিছু বছৰৰ পূৰ্বৰে পৰা ভাৰত-প্ৰশান্ত মহাসাগৰ তথা INDO-PACIFIC OCEANত বৃদ্ধি পাইছিল চীনৰ আগ্ৰাসনৰ নীতি৷ যাৰ বাবে ২০১৭ চনত পুনৰ সক্ৰিয় হৈ পৰে ৪ ৰাষ্ট্ৰৰ কোৱাড সংস্থাই৷
লগতে পঢ়ক প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ গুলীচালনা, ১৯ শিশুসহ ২ জন লোক নিহত
এই ৪ ৰাষ্ট্ৰই গঠন কৰা কোৱাডৰ এই বৰ্ষৰ বিশেষ সভা অনুষ্ঠিত হৈছিল জাপানত৷ ২৪ মে’ তাৰিখে অনুষ্ঠিত হোৱা এই কোৱাড সভাত অংশ লৈছিল বিশ্বৰ মহাশক্তিশালী ৪ ৰাষ্ট্ৰৰ নেতা অষ্ট্ৰেলিয়াৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থ’নী আলবেনেছ, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্রধানমন্ত্ৰী ফুমিও কিছিডা৷
কোৱাডৰ এই সিদ্ধান্ত অনুসৰি বিগত কেইবাটাও বৰ্ষ ধৰি উক্ত ৪ কোৱাড ৰাষ্ট্ৰই বিভিন্ন সময়ত যুটীয়াভাৱে সৈন্য অভ্যাস চলাই আহিছিল৷ জাপানৰ ৰাজধানী টকিঅ’ত অনুষ্ঠিত হোৱা এই বৰ্ষৰ কোৱাড সভাত ক’ভিডসৃষ্ট পৰিবেশ, জলবায়ু পৰিৱৰ্তন, ৪ ৰাষ্ট্ৰৰ সামৰিক আৰু কাৰিকৰী কৌশলৰ লগতে চীনৰ বিৰুদ্ধে গ্ৰহণ কৰিছিল এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ যি সিদ্ধান্তত খঙত টিঙিৰিটোলা হৈ পৰিছিল চীন৷ চীনৰ বিৰুদ্ধে লোৱা কোৱাডৰ এই বিশেষ সিদ্ধান্তটো হৈছে Indo-Pacific Partnership Maritime Domain Awareness, চমু নাম IPMDA৷
এই সিদ্ধান্ত গ্ৰহণ কৰাৰ মূল কাৰণ হ’ল বিগত বহুবছৰ ধৰি চীনৰ সামুদ্ৰিক জাহাজসমূহে সাগৰীয় পথেৰে এখন দেশৰ পৰা অন্য দেশলৈ সামগ্ৰী ৰপ্তানি কৰাৰ নামত জাহাজৰ ওপৰৰ ভাগত লাগি থকা ৰাডাৰ ছিষ্টেম বন্ধ কৰি অন্য ৰাষ্ট্ৰৰ সাগৰীয় সীমাত প্ৰৱেশ কৰি আগ্ৰাসনমূলক কামকাজ কৰি আহিছে৷ লগতে অন্য ৰাষ্ট্ৰৰ সাগৰীয় ভূ-খণ্ডত প্ৰৱেশ কৰি ৰাডাৰ বন্ধ কৰি বিভিন্ন সময়ত মৎস্য চিকাৰ কৰাৰো অভিযোগ উঠি আহিছিল চীনা জাহাজৰ বিৰুদ্ধে৷
লগতে পঢ়ক ২৬% শতাংশ ৰেহাই, তাৰ পিছতো এটা প্লাষ্টিকৰ বাল্টিৰ দাম ২৬ হাজাৰ টকা! ক’ত?
কিন্তু চীনৰ এই আগ্ৰাসনমূলক নীতিক ইণ্ডো-পেছিফিক অ’চেনত ৰোধ কৰিবৰ বাবে কোৱাড ৰাষ্ট্ৰই এইবৰ্ষৰ চীনৰ বিৰুদ্ধে গ্ৰহণ কৰে উক্ত বিশেষ সিদ্ধান্ত৷ এই সিদ্ধান্ত অনুসৰি ছেটেলাইট মাধ্যমেৰে চতুৰ ৰঙা চীনৰ জাহাজক পৰ্যবেক্ষণ কৰিব কোৱাড ৰাষ্ট্ৰই৷ পিছে কোৱাড ৰাষ্ট্ৰৰ এনে সিদ্ধান্তত জকজকাই উঠিল চীন৷ যাৰ পৰিপ্ৰেক্ষিতত খৰ্গহস্ত হৈ পৰা চীনে ২৪ মে’ত অনুষ্ঠিত হৈ থকা কোৱাড সভাৰ মাজতেই দুখন বোমাৰু বিমানেৰে প্ৰৱেশ কৰে জাপানৰ সাগৰীয় সীমাত৷ আৰু চীনৰ যুঁজাৰু বিমান জাপানৰ জলসীমাত প্ৰৱেশ কৰাৰ খবৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷
একাংশ সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ যে চীনৰ যুদ্ধ জাহাজক এই ক্ষেত্ৰত সংগ দিছিল ৰাছিয়াৰ যুদ্ধ জাহাজে৷ আনহাতে জাপানৰ অন্য এটা সাগৰীয় সীমাৰ প্ৰান্তেৰে চীনৰ নৌ সেনায়ো জাপানক কিছু পৰিমাণে ঘেৰিবলৈ চেষ্টা কৰাৰো অভিযোগ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে৷
ইফালে ৪ ৰাষ্ট্ৰৰ কোৱাড সভা চলি থকাৰ মাজতে চীনৰ যুদ্ধ জাহাজ জাপানৰ সীমাত প্ৰৱেশ কৰা খবৰক ৪ কোৱাড ৰাষ্ট্ৰই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত চীনে এয়া তেওঁলোকৰ বায়ু সেনাৰ দৈনিক সৈন্য অভ্যাস বুলি দাবী জনায়৷ আনহাতে ৰাছিয়াৰ যুদ্ধ জাহাজেও চীনৰ যুদ্ধ জাহাজক সংগ দিয়া অভিযোগক লৈ ৰাছিয়াৰ ফালৰ পৰা কোনোধৰণৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ