মঙলবাৰে টেক্সাছৰ উভাল্ডেত স্কুলত সংঘটিত হোৱা গুলীচালনাৰ কিছু ঘণ্টাৰ ভিতৰতে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে হত্যাকাৰীজনৰ বিৰুদ্ধে বিভিন্ন প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ ইন্টাৰনেট ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে নৃশংস হত্যাকাৰীজন এগৰাকী ট্ৰেন্সজেণ্ডাৰৰ লগতে আমেৰিকাৰ অবৈধ নিৱাসী আছিল৷
এই অভিযোগে কেৱল ইন্টাৰনেট বিশ্বতে নহয়, মাৰ্কিন যুক্তৰাষ্ট্ৰতো তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিশেষকৈ হত্যাকাৰীজনক টুইটাৰত ট্ৰেন্সজেণ্ডাৰ বুলি দাবী কৰি বৰ্ণ বৈষম্য আৰু লিংগ বৈষম্যমূলক আচৰণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অৰ্থাৎ উক্ত হত্যাকাণ্ডৰ আচিলাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বতে লিংগ আৰু বৰ্ণ বৈষম্য বিৰুদ্ধে সুপৰিকল্পিত আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উঠিছে৷
ইণ্টাৰনেটত এই ধৰণৰ ভুৱা প্ৰচাৰ চলোৱাৰ পিছতে এই সম্পৰ্কে ভুৱা তথ্য বিশেষজ্ঞ জেইম লংগোৰিয়াৰে সংবাদ মাধ্যমৰ আগত কয় যে, এই দাবীসমূহে ট্ৰেন্সজেণ্ডাৰসকলৰ প্ৰতি থকা বৰ্ণবাদ আৰু অসহিষ্ণুতাৰ সমস্যাক প্ৰতিফলিত কৰিছে৷ আৰু এই গুলীচালনাৰ বাবে সংখ্যালঘু গোটসমূহক দোষাৰোপ কৰাৰ প্ৰয়াস কৰা হৈছে৷
লগতে পঢ়ক কুকুৰ হ’বলৈ ১২ লাখ টকা ব্যয় এক যুৱকৰ! কুকুৰ হোৱা এই যুৱক কোন?
এইদৰে ইতিমধ্যে তেওঁলোকে অনলাইন হাৰাশাস্তি আৰু ঘৃণাৰ অপৰাধৰ অধিক সহ্য কৰিবলীয়া হৈছে৷ অৰ্থাৎ ভুল তথ্য বিয়পাই তেওঁলোকক পৰিকল্পিতভাৱে ইন্টাৰনেটৰ মাধ্যমেৰে আক্ৰমণ কৰা হয় বুলি কোৱা হৈছে৷
ইফালে গুলীচালনাৰ কেইঘণ্টামানৰ ভিতৰতে বন্দুকধাৰীজনে আমেৰিকাত অবৈধভাৱে বাস কৰা বুলি ভুৱা দাবী কৰা পোষ্ট ভাইৰেল হৈ পৰিছিল৷ আৰু অধিকাংশ মানুহে সেই ভুৱা তথ্যকে সঁচা বুলি বিশ্বাস কৰি বৰ্ণ আৰু লিংগ বৈষম্যমূলক আচৰণ কৰিবলৈ আৰম্ভ কৰিছে৷
আনহাতে, মঙলবাৰে টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এবটে এক সংবাদমেলত স্পষ্ট কৰি দিছিল যে আক্ৰমণকাৰী ১৮ বছৰীয়া ছালভাডৰ ৰামোছ এজন আমেৰিকাৰ নাগৰিক আছিল।
লগতে পঢ়ক অভিলাষা বৰাক ভাৰতীয় বায়ুসেনাৰ প্ৰথম মহিলা যুদ্ধ বিমান চালক
ইয়াৰ মাজতে একাংশ চ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ১৮ বছৰীয়া আক্ৰমণকাৰী যুৱকজনক ট্ৰেন্সজেণ্ডাৰ বুলি দাবী কৰি পৰিকল্পিত লিংগ বৈষম্যক আক্ৰমণ আৰম্ভ কৰিছে৷ যুৱকজনৰ ফ’টো ব্যৱহাৰ কৰি তেওঁলোকে দাবী কৰিছে যে আক্ৰমণকাৰীজন ট্ৰেন্সজেণ্ডাৰ (হিজড়া) আছিল৷ কিন্তু এই দাবীৰো কোনো প্ৰকৃত ভিত্তি নাই বুলি দাবী কৰা হৈছে৷
ফেক চেকৰ জৰিয়তে ইন্টাৰনেটত ভাইৰেল যোৱা ফ’টোসমূহ পৰীক্ষা কৰি পোৱা তথ্যমতে ফটোখনত আচলতে নিউয়ৰ্কৰ বাসিন্দা ছাব্ৰিনা নামৰ এগৰাকী ২২ বছৰীয়া ট্ৰেন্স মহিলাৰ ফ’টোহে, যি ফ’টোক আক্ৰমণকাৰীজনৰ সৈতে ফ’টোশ্বপ কৰি সামাজিক মাধ্যমকত ভাইৰেল কৰা হৈছে।
মুঠতে মাৰ্কিন প্ৰশাসনৰ মতে সামাজিক মাধ্যমত ব্যাপকৰূপত কৰি থকা দুয়োটা দাবীৰে কোনো সত্যতা নাই৷ অৰ্থাৎ দাবী কৰাৰ দৰে আক্ৰমণকাৰীজন আমেৰিকাৰ অবৈধ বাসিন্দা আৰু ট্ৰেন্সজেণ্ডাৰো নহয়৷ মাৰ্কিন জাতীয়তাবাদেহে বৰ্ণ আৰু লিংগ বৈষম্যক পুনৰ হাৰ পানী যোগাবলৈ পৰিকল্পিত আৰু পদ্ধতিগতভাৱে অভিযান চলোৱা চেষ্টা কৰা বুলি প্ৰকাশ পাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ