সয়মৰ কি যে পৰিহাস! প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ৰাজনীতিক আৰু টেলিভিচন তাৰকা কোটিপতি নৱজ্যোৎ সিং সিদ্ধু এতিয়া হ’লগৈ জে’লৰ এগৰাকী সাধাৰণ কেৰাণী৷
জে’লৰ কেৰাণী এই নৱজ্যোৎ সিদ্ধুৰ বৰ্তমানৰ দৈনিক মজুৰি কিমান জানেনে? দৈনিক মজুৰী মাত্ৰ হ’ব ৯০ টকা, তাকো কামৰ ওপৰত ভিত্তি কৰিয়ে৷
উল্লেখ্য যে ১৯৮৮ চনৰ ৰোড ৰেজ গোচৰত অভিযুক্ত হৈ নৱজ্যোৎ সিং সিদ্ধুৱে এবছৰীয়া সশ্ৰম কাৰাদণ্ড লাভ কৰিছে৷ যোৱা ১৯ মে’ত দেশৰ উচ্চতম ন্যায়ালয়ে নৱজ্যোৎ সিং সিদ্ধুক এই কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে৷
লগতে পঢ়ক স্বাধীনতাৰ পিছত প্ৰথমবাৰ হাইস্কুল লাভ অসমৰ চাহ বাগিচাৰ
ইয়াৰ পিছতে পাতিয়ালা কাৰাগাৰত নৱজ্যোৎ সিং সিদ্ধুৱে কয়দী জীৱন আৰম্ভ কৰিছে৷ কাৰাগাৰৰ কেৰাণী ৰূপে কয়দী জীৱন আৰম্ভ কৰা নৱজ্যোৎ সিদ্ধুৱে প্ৰথম তিনি মাহৰ বাবে প্ৰশিক্ষণ লাভ কৰিব৷ এই প্ৰশিক্ষণ কালত আদালতে দিয়া ৰায়বোৰ কেনেদৰে চমুকৈ কাৰাগাৰৰ ৰেকৰ্ডত সংকলিত কৰিব লাগিব সেই বিষয়ে সিদ্ধুক শিকোৱা হ’ব৷
ইফালে প্ৰশিক্ষণ কালতছোৱা অৰ্থাৎ প্ৰথম তিনিমাহ নৱজ্যোৎ সিদ্ধুৱে কোনোধৰণৰ পাৰিতোষিক লাভ নকৰে৷ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছতহে তেওঁক ৪০ৰ পৰা ৯০ টকাকৈ মজুৰি দিয়া হ’ব৷ তেওঁৰ কামৰ ওপৰত অৰ্থাৎ দক্ষতাৰ ওপৰতহে মজুৰিৰ পৰিমাণ নিৰ্ভৰ কৰিব৷
কাৰাগাৰত লাভ কৰা ধনৰাশি তেওঁৰ বেংক একাউণ্টত জমা কৰা হ’ব৷ হাইপ্ৰফাইল কয়দী হোৱাৰ বাবে নৱজ্যোৎ সিদ্ধুক বেৰেক প্ৰদান কৰা হ’ব আৰু তেওঁ বেৰেকৰ পৰাই নিজৰ কাম সম্পাদন কৰিব লাগিব৷ তেওঁক নিজৰ চেলৰ পৰা উলাবলৈ দিয়া নহ’ব বুলিও প্ৰকাশ কৰিছে কাৰাগাৰটোৰ এজন বিষয়াই৷
লগতে পঢ়ক কুকুৰ হ’বলৈ ১২ লাখ টকা ব্যয় এক যুৱকৰ! কুকুৰ হোৱা এই যুৱক কোন?
বিষয়াগৰাকীৰ মতে সিদ্ধুৱে দুটা শ্বীফ্টত কাম কৰিব লাগিব, পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ প্ৰথমটো শ্বীফ্ট আৰু বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৫ বজাৰলৈ দ্বিতীয়টো শ্বীফ্টত কাম কৰিব লাগিব সিদ্ধুৱে৷
ইফালে, সিদ্ধুক ৰখা বেৰেকৰ ভিতৰত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। পাঁচজন ৱাৰ্ডেন আৰু চাৰিজন কাৰাগাৰৰ কয়েদীকো সিদ্ধুৰ ওপৰত নজৰ ৰাখিবলৈ দায়িত্ব দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ