যৌন কৰ্মৰ সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ পৰা উল্লেখযোগ্য নিৰ্দেশনা আহিছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কয় যে যৌনকৰ্মীৰো অন্য ৫ টা বৃত্তিৰ মানুহৰ দৰেই মৰ্যাদা আৰু সমান অধিকাৰ আছে। এই বিষয়টো সোঁৱৰাই দিয়াৰ উপৰিও দেশৰ উচ্চতম ন্যায়ালয়ে সন্মতিসূচক আৰু স্বেচ্ছামূলক এনে কামত আৰক্ষীৰ হস্তক্ষেপ আৰু অপৰাধমূলক গোচৰ ৰুজু কৰাতো বন্ধ কৰিবলৈ কোৱা হৈছে।
ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত ৬ টা নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ জৰিয়তে যৌনকৰ্মীৰ অধিকাৰ সুৰক্ষিত হ’ব বুলি উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰিছে। ‘আইনৰ দৃষ্টিত যৌনকৰ্মীসকলো সমান সুৰক্ষাৰ অধিকাৰী’ বুলি বিচাৰপীঠে উল্লেখ কৰিছে।
নিৰ্দেশনাটোত কোৱা হৈছে, যেতিয়া এইটো স্পষ্ট হৈ পৰে যে এজন যৌনকৰ্মীয়ে এজন প্ৰাপ্তবয়স্ক লোকৰ সৈতে সন্মতি সাপেক্ষে যৌনতা বিক্ৰী কৰিছে তেতিয়া আৰক্ষীয়ে অযথা হস্তক্ষেপৰ পৰা বিৰত থাকিব লাগিব আৰু কোনো ধৰণৰ অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।
লগতে পঢ়ক সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী
সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয় যে সংবিধানৰ ২১ নং অনুচ্ছেদে এই দেশৰ প্ৰতিজন নাগৰিকৰ মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ অধিকাৰ সুনিশ্চিত কৰিছে।
ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে পতিতালয়ত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত যৌনকৰ্মীক গ্ৰেপ্তাৰ, শাস্তি বা হাৰাশাস্তি কৰা উচিত নহয়। কাৰণ যৌনতা অবৈধ নহয়, কেৱল পতিতালয় চলোৱাটোহে অবৈধ।
উচ্চতম ন্যায়ালয়ে ৰায়টোত আৰু কয় যে মাতৃগৰাকী যৌন কৰ্মত নিয়োজিত বুলি দোহাই দি শিশুটিক মাতৃৰ পৰা আঁতৰাই নিব নোৱাৰিব। তদুপৰি যদি কোনো যৌনকৰ্মীয়ে তেওঁৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগ লৈ আৰক্ষীৰ ওচৰলৈ যায়, তেন্তে আৰক্ষীয়ে অন্য সাধাৰণ নাগৰিক অভিযোগ শুনাৰ দৰেই মনোযোগেৰে বিষয়টো গুৰুত্ব দিব দিব লাগিব৷
লগতে পঢ়ক টেক্সাছৰ শিশু হত্যাকাণ্ড : সঁচাই ট্ৰেন্সজেণ্ডাৰ আছিল নেকি আক্ৰমণকাৰী?
বিশেষকৈ যদি যৌনকৰ্মীয়ে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতন বা অপৰাধৰ অভিযোগ উত্থাপন কৰে তেন্তে আৰক্ষীয়ে ক্ষিপ্ৰ শাৰীৰিক পৰীক্ষা আৰু তদন্ত আৰম্ভ কৰিব লাগিব। এনে ক্ষেত্ৰত এজন যৌনকৰ্মী বুলিয়েই পৃথকে চাব নোৱাৰিব অৰ্থাৎ এজন সাধাৰণ নাগৰিকৰ দৰেই আৰক্ষীয়ে যৌনকৰ্মীক সুৰক্ষা দিয়াটো নিশ্চিত কৰিব লাগিব।
আনহাতে, কোনো অবাঞ্চিত ঘটনা সংঘটিত সংঘটিত হ’লে আৰক্ষীয়ে যৌনকৰ্মীৰ পৰিচয় ৰাজহুৱা কৰিব নালাগে বুলিও স্পষ্ট নিৰ্দেশ দিছে ন্যায়ালয়ে।
উল্লেখ্য যে এই পৰামৰ্শ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ মতামতও বিচাৰিছিল। অহা ২৮ জুলাইত এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব আৰু সেইদিনাই উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰৰ উত্তৰ শুনানি গ্ৰহণ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ