ব্লাড গ্ৰুপক লৈ আৰু চিন্তিত হ’ব নালাগে৷ ব্লাড বিচাৰি হাহাকাৰো কৰিব নালাগে৷ এবটল তেজৰ বাবে হাহাকাৰ কৰাৰ দিন শেষ হৈছে! কি গ্ৰুপৰ তেজৰ প্ৰয়োজন সেই বিষয়ত চিন্তিত হৈ পৰাৰো কোনো প্ৰয়োজন নাই৷ কাৰণ মানৱ শৰীৰৰ তেজৰ বিকল্প নিৰ্মাণ হৈছে গৱেষণাগাৰত৷ গৱেষণাগাৰত বনোৱা হৈছে কৃত্ৰিম ৰক্তকোষ৷ এই দাবী কৰিছে জাপানৰ এদল বিজ্ঞানীয়ে৷ কৃত্ৰিম তেজেৰেই ৰোগীৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব বুলি জনাইছে বিজ্ঞানীয়ে৷ আৰম্ভ হৈছে মানৱ শৰীৰতো ক্লিনিকেল ট্ৰায়েল৷
জাপানৰ নাৰা মেডিকেল ইউনিভাৰ্ছিটিৰ গৱেষকে কৃত্ৰিম ৰক্তকোষ তৈয়াৰ কৰিছে গৱেষণাগাৰত৷ তেজৰ গ্ৰুপ যিয়েই নহওক কি সকলোৰে শৰীৰত কাম কৰিব এই তেজে৷ গৱেষণাগাৰত কৃত্ৰিম ৰক্ত পৰীক্ষা নতুন নহয়৷ আমেৰিকাৰ বিজ্ঞানীয়েও দীৰ্ঘ সময় ধৰি সেই প্ৰচেষ্টা চলাই আছিল৷ ২০২০ চনত নেশ্ব্যনেল ইনষ্টিটিউট অফ হেলথৰ এখন গৱেষণাপত্ৰতো কৃত্ৰিম তেজৰ উল্লেখ পোৱা গৈছে৷ ২০২২ চনত বিৰল তেজৰ গ্ৰুপৰ ব্যক্তিৰ শৰীৰত কৃত্ৰিম তেজৰ ট্ৰায়েলো কৰা হৈছে৷ মানুহে তৈয়াৰ কৰা সেই ৰক্তকোষসমূহক বেছি দিন ৰাখি থব নোৱাৰি৷ এতিয়াও অৱশ্যে এই ৰক্তকোষে সাধাৰণ মানুহৰ দেহৰ ৰক্তৰ দৰে কাম কৰা নাই৷ কিন্তু জাপানে আৱিস্কাৰ কৰা ৰক্ত কোষে আকৌ এবাৰ আশাৰ কিৰণ আনিছে৷
জাপানী গৱেষক হিৰোমী ছাকাই আৰু তেওঁৰ দলে কৃত্ৰিম ৰক্তকোষ তৈয়াৰৰ গৱেষণা অব্যাহত ৰাখিছে৷ হিৰোমীয়ে জনাইছে যে দাতাৰ শৰীৰৰ পৰা যি তেজ লোৱা হয় তাৰ আয়ুস ৪২ দিনতকৈ বেছি নহয়৷ কাৰণ লোহিত ৰক্তকণিকা শৰীৰৰ বাহিৰলৈ আহিলে বেছি সময় টিকি থাকিব নোৱাৰে৷ কিন্তু কৃত্ৰিম ৰক্তকোষে তাতকৈ বেছি দিন টিকি থাকিব বুলি তেওঁৰ দাবী৷ প্ৰাথমিকভাৱে ১৬ জনৰ শৰীৰত ১০০ৰ পৰা ৪০০ মিলি লিটাৰ কৃত্ৰিম ৰক্ত দিয়া হৈছে৷ ইয়াৰ প্ৰভাৱ কেনে সেয়াও পৰীক্ষা চলি আছে৷ দফায় দফায় হিউমেন ট্ৰায়েল চলিছে৷ যদিও ইয়াৰ ফলাফলক লৈ এতিয়া পৰ্যন্ত বিস্তাৰিত কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই৷
কৃত্ৰিম ৰক্তকোষ কেনেকৈ তৈয়াৰ কৰা হ’ব?
গৱেষকে প্লুৰিপোটেণ্ট ষ্টেম কোষৰ পৰা ৰক্তৰ কোষ তৈয়াৰৰ চেষ্টা কৰিছে৷ প্লৰিপোটোণ্ট ষ্টেম চেল প্ৰকৃততে এই ধৰণৰ ষ্টেম চেল যাৰ পৰা শৰীৰৰ যিকোনো ধৰণৰ কোষ সহজেই বনাই পেলাব পাৰি৷ সেয়া লাগে ৰক্তকোষেই হওক বা পাকস্তলী বা কিডনিৰ কোষেই হওক৷ এই ধৰণৰ প্লৰিপোটেণ্ট ষ্টেম চেল বনাব পাৰি দুই ধৰণে৷
- ১. ভ্ৰুণৰ কোষ লৈ যাক কোৱা হয় এমব্ৰায়োনিক ষ্টেম চেল বা ই এছ৷
- ২. প্ৰাপ্তবয়স্কৰ শৰীৰৰ পৰা লৈ তৈয়াৰ কৰা হয় ইনডিউছড প্লুৰিপোটেণ্ট চেল বা আই পি এছ৷ এই ধৰণৰ কোষ যাতে দীৰ্ঘ সময় টিকি থাকিব পাৰে তাৰ বাবে নানান পদ্ধতিৰ প্ৰয়োগ কৰিছে গৱেষকে৷
কৃত্ৰিম ৰক্তৰ কোষ প্ৰকৃততে লোহিত ৰক্তকণিকাৰ দৰে নহলেও তাৰ দৰেই কাম কৰিব৷ অৰ্থাৎ অক্সিজেন সমৃদ্ধ ৰক্ত পৰিবহণত সহায় কৰিব বুলি দাবী কৰিছে জাপানী গৱেষকে৷ কোনো বিৰল ৰোগৰ ক্ষেত্ৰত জটিল অস্ত্ৰোপচাৰৰ সময়ত অথৱা বিৰল তেজৰ গ্ৰুপ থকা ব্যক্তিৰ ক্ষেত্ৰত এই ধৰণৰ কৃত্ৰিম তেজ কামত আহিব বুলি দাবী গৱেষকৰ৷
গৱেষণাগাৰত যিসমূহ কৃত্ৰিম ৰক্তকোষ বনোৱা হৈছে সেইসমূহ সময়ৰ লগে লগে স্বাভাৱিক ৰক্তকোষৰ দৰে বাঢ়ি উঠিব পাৰিব৷ ইয়াৰোপৰি শৰীৰত প্ৰৱেশৰ পাছত কোনো ধৰণৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া হবনে নহয়, বা প্ৰকৃত তেজৰ সৈতে কৃত্ৰিম তেজৰ মিলন হলে কোনো সমস্যা হ’ব পাৰে নেকি সেই বিষয়ে এতিয়া গৱেষণা অব্যাহত ৰাখিছে গৱেষকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















