অসম লাইভ ২৪ঃ ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বহুৰূপী! ভোট পাবৰ বাবে যিকোনো কাম কৰিব পাৰে মোদীয়ে।’ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জেডিইউ (JDU)-ৰ সৰ্বভাৰতীয় সভাপতি লালন সিঙৰ মন্তব্যই এতিয়া দেশজুৰি লাভ কৰিছে চৰ্চা। প্ৰধানমন্ত্ৰীৰ জাতিক লৈয়ো প্ৰশ্ন তুলিছে JDU-ৰ নেতাগৰাকীয়ে।
শুকুৰবাৰে পাটনাৰ এখন দলীয় বৈঠকত এই মন্তব্য কৰিছে লালন সিঙে। লালন সিঙে কয়, ‘২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে নিৰ্বাচনী প্ৰচাৰ চলাই কৈছিল মই Extremely Backward Cast-ৰ মানুহ। গুজৰাটত EBC অস্তিত্বই নাই যদিও OBC আছে। মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে নিজকে অনগ্ৰসৰ অৰ্থাৎ ইবিচি শ্ৰেণীৰ বুলি মন্তব্য কৰিছিল। কিন্তু মোদী প্ৰকৃততে ইবিচি নে?’ ইয়াৰোপৰি মোদী সন্দৰ্ভত লালনে তেওঁৰ মন্তব্যত কয়, ‘মোদী এজন বহুৰূপী। তেওঁ এতিয়ালৈ মুঠ ১২ টা ৰূপ দেখুওৱাইছে। নিজকে পিছপৰা শ্ৰেণীৰ লোক বুলি মানুহৰ সন্মুখত মিছা পৰিচয় দাঙি ধৰিছে। প্ৰকৃততে মোদী পিছপৰা শ্ৰেণীৰ লোক নহয়। প্ৰকৃত অনগ্ৰসৰ সকলৰ সন্মুখত আহিলেই প্ৰকৃত স্বৰূপ উন্মোচিত হ’ব।’
দেশৰ বৰ্দ্ধিত নিবনুৱা সমস্যাকলৈও মোদীক টাৰ্গেট কৰি লৈছে লালন সিঙে। লালন সিঙে মৃল্যবৃদ্ধি সন্দৰ্ভত মন্তব্যত কয়, মৃল্যবৃদ্ধি কিয় নহ’ব? দেশৰ নিয়োগ ব্যৱস্থাটোকেই সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে। মোদীয়ে কেতিয়াবা চাহ বিক্ৰি কৰি পাইছেনে? মিছা কথাৰে কেৱল দেশবাসীক আভুৱা ভাৰি আছে। ভোটৰ অংকৰ বাবেই মোদীয়ে প্ৰতিসময়তে নিজৰ মিছা পৰিচয় সমাজৰ আগত দি আহিছে।’
জেডিইউ-ৰ নেতাগৰাকীয়ে কৰা এই মন্তব্যৰ পিছতেই দেশৰ গেৰুৱা শিবিৰ এতিয়া সৰব হৈ উঠিছে। লালন সিঙৰ মন্তব্যক লৈ বিহাৰৰ বিজেপি মুখপাত্ৰ নিখিল আনন্দই আক্ৰমণাত্মক মন্তব্য কৰি কয়, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু জেডিইউৰ সভাপতি লালন সিঙৰ মূৰৰ বিকৃতি ঘটিছে। দেশৰ প্ৰধানমন্ত্ৰীক লৈ বাজে মন্তব্য কৰিছে দুয়োৱে। ইফালে প্ৰধানমন্ত্ৰী হোৱাৰ অলৌকিক সপোন দেখি নীতিশ কুমাৰে মানসিক স্থিৰতা হেৰুৱাই পেলাইছে। লালন সিঙে ৰাজনীতি কি জানে? দেশৰ প্ৰধানমন্ত্ৰীক লৈ এনে মন্তব্য কৰাটো একেবাৰেই সঠিক কথা নহয়।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ