মাতৃক ঘৰত ৰাখি বাহিৰৰ পৰা তলা লগাই পুত্ৰ গ’ল মহাকুম্ভলৈ, ভোক-পিয়াহত ৪ দিনৰ অন্তত…
মহাকুম্ভত পাপ মোচনৰ বাবে পূণ্য অৰ্জনৰ বাবে পবিত্ৰ স্নান কৰিবলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বহু দূৰ-দূৰণিৰ পৰা কোচি কোটি লোক উপস্থিত হৈছে। এই মহাকুম্ভৰ লগত জড়িত বহু গোচৰ পোহৰলৈ আহিছিল যদিও এতিয়া ঝাৰখণ্ডৰ পৰা পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ গোচৰ।
ঝাৰখণ্ডত এটা পৰিয়ালে মহা কুম্ভত পাপ মোচনৰ বাবে গা ধুবলৈ বুলি ওলাই যায়, পাছে নিজৰ বৃদ্ধা মাতৃক ঘৰত বন্দী কৰি বাহিৰৰ পৰা তলা লগাই থৈ যায়। ঘটনাৰ ৪ দিনৰ পাছতহে চুবুৰীয়াই জানিব পাৰে বৃদ্ধ মহিলাগৰাকী ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ কথা।
লগে লগে নিজেই আগবাঢ়ি আহি গেটৰ লগতে ঘৰৰ তলা ভাঙি ভোকে পিয়াহে জৰ্জৰিত আধা মৃত অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকী। কোনোমতে প্ৰাণ ৰক্ষা পৰা মহিলাগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰায় হাস্পতালত।
ঘটনাটো ঝাৰখণ্ডৰ ৰামগড়ৰ , য’ত চিচিএলৰ এজন কৰ্মীয়ে নিজৰ অসুস্থ আৰু বৃদ্ধ মাতৃক ঘৰত অকলে এৰি প্ৰয়াগৰাজ মহাকুম্ভত পবিত্ৰ স্নান লবলৈ বুলি যায়। তাকো নিজৰ মাতৃক ভোকে পিয়াহে এৰি লগত লৈ যায় পত্নী আৰু শাহুৱেক, শহুৰেকক।
বিবাদ তীব্রতৰ হোৱাত পূণ্য অৰ্জন কৰিবলৈ যোৱা পুত্ৰ মহা কুম্ভৰ পৰা উভতি আহে। প্ৰশাসনে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি অভিযুক্ত পুত্ৰ চিচিএলৰ কৰ্মচাৰী অখিলেশ প্ৰজাপতিলৈ জাননী প্ৰেৰণ কৰি উত্তৰ বিচাৰে। লগতে ২৭ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ