আমেৰিকাৰ পূৰ্ব ৰাষ্ট্ৰপতি নোবেল বঁটা প্ৰাপক জিমী কাৰ্টাৰৰ বিয়োগ
দেওবাৰে ২৯ ডিচেম্বৰ তাৰিখে ১০০ বছৰ বয়সত মৃত্যু হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ। আমেৰিকাৰ ৩৯ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কাৰ্টাৰে।
খবৰ অনুসৰি জৰ্জিয়াৰ নিজ বাসগৃহতে জিমি কাৰ্টাৰৰ মৃত্যু হয়। ৰাষ্ট্ৰপতি হিচাপে তেওঁ নিজৰ কামৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছিল। ২০০২ চনত শান্তিৰ নোবেল বঁটাৰেও সন্মানিত কৰা হৈছিল জিমি কাৰ্টাৰক।
জিমি কাৰ্টাৰৰ জন্ম হৈছিল জৰ্জিয়াৰ প্লেইনছত। তেওঁৰ সৰলতা আৰু জনসেৱাৰ প্ৰতি নিষ্ঠাৰ বলত তেওঁ ৰাষ্ট্ৰপতি পদলৈ যাত্ৰা কৰিছিল। ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেওঁ জৰ্জিয়াৰ গৱৰ্ণৰো আছিল।
আমেৰিকাৰ ফেডাৰেল আইন অনুসৰি ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুৰ পিছত ৩০ দিনৰ বাবে সকলো ফেডাৰেল অট্টালিকা, খেলপথাৰ আৰু নৌসেনাৰ জাহাজত পতাকা অৰ্ধনমিত অৱস্থাত থাকিব।
দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনে জিমি কাৰ্টাৰৰ মৃত্যুত ৰাষ্ট্ৰীয় শোক দিৱসো ঘোষণা কৰিছে। নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ আৰু নাছডাক মাৰ্কেট আজিৰ দিনটোত সম্পূৰ্ণৰূপে বন্ধ থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















