কোটি কোটি মোবাইল ইউজাৰসকলৰ বাবে বিৰাট অফাৰেৰে তোলপাৰ লগাইছে jio! ৮৪ দিনৰ এই প্লেনত সকলোবোৰেই বিনামূলীয়াকৈ ৮৪ দিনৰ বৈধতাৰ বেছ কেইবাটাও ৰিচাৰ্জ প্লেন আছে, যাতে ইউজাৰে সীমাহীন কলিঙৰ ওপৰিও সীমাহীন ৫ জি আৰু বিনামূলীয়া এছ এম এছ আৰু অটিটি এপসমূহত বিনামূলীয়াকৈ এক্সেছ পায়৷
জিঅ’ৰ বৰ্তমান ৪৬ কোটিটকৈ বেছি ইউজাৰ আছে৷ কোম্পানীয়ে তেওঁলোকৰ ইউজাৰসকলৰ বাবে বহু সস্তীয়া ৰিচাৰ্জ প্লেন অফাৰ কৰে, যাৰমাজত আছে আনলিমিটেড কলিং, ডাটাসহ বহু সুবিধা৷ জিঅ’ৰ ৮৪ দিনৰ ম্যাদত বহু ৰিচাৰ্জ প্লেন আছে যি আনলিমিটেড কলিঙৰ ওপৰিও আনলিমিটেড ৫ জি আৰু বিনামূলীয়া এছ এম এছ আৰু অটিটি এপ এক্সেছৰ সুবিধা প্ৰদান কৰে৷
জিঅ’ৰ ৮৪ দিনৰ প্লেন
জিঅ’ৰ এই সস্তীয়া ৰিচাৰ্জ প্লেনৰ দাম ১০২৯ টকা৷ এই প্লেন ব্যৱহাকাৰীয়ে ৮৪ দিনৰ বৈধতা পাব৷ ইয়াত ব্যৱহাৰকাৰীয়ে ভাৰতজুৰি আনলিমিটেড ফ্ৰি কলিং আৰু ফ্ৰি নেশ্ব্যনেল ৰোমিঙৰ সুবিধা পাব৷ এই প্লেনত প্ৰতিদিনে ২ জিবি হাইস্পিড ডাটা পোৱা যাব৷ এইধৰণে ব্যৱহাৰকাৰীয়ে মুঠ ১৬৮ জিবি হাইস্পিড ডাটাৰ সুবিধা পাব৷ এই প্ৰিপেইড ৰিচাৰ্জ প্লেনৰ বিশেষ দিশ হৈছে ব্যৱহাৰকাৰীয়ে ইয়াত আনলিমিটেড 5G ডাটাৰ সুবিধা পাব৷ ইয়াৰ বাবে আপোনাৰ এটা 5G স্মাৰ্টফোন থাকিব লাগিব৷
১০২৮ টকাৰ প্লেন
এই প্লেনৰ ওপৰিও জিঅ’ৰ ১০২৮ টকাৰ এটা ৰিচাৰ্জ প্লেন আছে যাৰ ম্যাদ ৮৪ দিন৷ এই প্লেনত উপলব্ধ সুবিধাসমূহৰ কথা ক’বলৈ গলে ইয়াত প্ৰতিদিনে ২ জিবি হাইস্পিড ডাটাও অফাৰ কৰে৷ ইয়াৰোপৰি এই প্ৰিপেইড ৰিচাৰ্জ প্লেনটো আনলিমিটেড কলিং, বিনামূলীয়া জাতীয় ৰোমিং আৰু প্ৰতিদিনে ১০০ টা বিনামূলীয়া এছ এম এছৰ সুবিধা আছে৷ ইয়াত ব্যৱহাৰকাৰীয়ে আমাজন প্ৰাইম ভিডিঅ’ৰ লগতে ছুইগিৰ প্ৰিমিয়াম ছাবস্ক্ৰিপছন পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















