ৰিলায়েন্স জিঅ’ই প্ৰিপেইড গ্ৰাহকৰ বাবে এক বিশেষ অফাৰ উলিয়াইছে। এইবাৰ গ্ৰাহকক দিয়া হৈছে ‘Buy 1 Get 1 Free JIO BUY 1 GET 1’ অফাৰ। ইয়াৰ জৰিয়তে যদি আপুনি এটা ৰিচাৰ্জ কৰে তেন্তে আপুনি আৰু এমাহৰ সেৱা সম্পূৰ্ণ বিনামূলীয়াকৈ পাব। অৱশ্যে এই অফাৰৰ বাবে যোগ্য হোৱাসকলক কোম্পানীয়ে মোবাইল ফোনত এছএমএছ প্ৰেৰণ কৰি এই বিষয়ে অৱগত কৰিব।
এই অফাৰে কেনেকৈ কাম কৰিব?
এই অফাৰৰ অধীনত গ্ৰাহকে নিৰ্দিষ্ট পৰিকল্পনাৰে ৰিচাৰ্জ কৰিলে কোনো অতিৰিক্ত চাৰ্জ নোহোৱাকৈ আৰু এমাহ সেৱা লাভ কৰিব। এই সুবিধা ২৯৯ আৰু ৩৪৯ টকাৰ প্ৰিপেইড প্লেনৰ বাবে উপলব্ধ।কিন্তু এই অফাৰৰ সুবিধা ল’বলৈ হ’লে মাই জিঅ’ এপৰ জৰিয়তে ৰিচাৰ্জ কৰিব লাগিব। এই অতিৰিক্ত এমাহৰ বিনামূলীয়া পৰিকল্পনা গ্ৰাহকৰ বৰ্তমানৰ পৰিকল্পনা শেষ হ’লে স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হ’ব।
এই সুবিধা কোনে লাভ কৰিব?
জিঅ’ই এই সেৱা সকলোৰে বাবে উপলব্ধ নহ’ব বুলি কৈছে। সীমিত সময়ৰ বাবে নিৰ্বাচিত গ্ৰাহকেহে এই সুবিধা লাভ কৰিব। এই অফাৰৰ বাবে যোগ্য সকলক জিঅ’ৰ পৰা মোবাইলত মেছেজৰ জৰিয়তে জনোৱা হ’ব যে নিজ নিজ নম্বৰত JIO BUY 1 GET 1 অফাৰ উপলব্ধ। কোনটো ৰিচাৰ্জ প্লেনত এই সুবিধা উপলব্ধ হ’ব সেই কথাও উল্লেখ কৰা হৈছে। যিসকলে জিঅ’ৰ পৰা কোনো এছএমএছ পোৱা নাই তেওঁলোকে এই অফাৰ নাপাব। এই অফাৰ কিমান দিনলৈ চলিব, বা গ্ৰাহকক কেনেকৈ বাছনি কৰা হৈছে সেই সন্দৰ্ভত কোম্পানীয়ে একো কোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















