জিঅ’ বনাম এয়াৰটেলঃ কাৰ ৯০ দিনৰ ৰিচাৰ্জ প্লেন অধিক সস্তা?
মাহে মাহে ৰিচাৰ্জ কৰি থকাতকৈ বহু লোকে অধিক সময়ৰ ৰিচাৰ্জ কৰি লব বিচাৰে। কিন্তু কম মূল্যত বিচাৰে তেনে ৰিচাৰ্জ। যদি আপুনি দীঘলীয়া বৈধতা থকা প্লেনত সস্তা বিকল্প বিচাৰিছে, তেন্তে দেশৰ দুই অন্যতম টেলিকম কোম্পানীৰ ৯০ দিনৰ ৰিচাৰ্জ প্লেন আছে যি সস্তা। পাছে কি কোম্পানীৰ প্লেন অধিক সস্তা।
টেলিকম খণ্ডৰ অন্যতম কোম্পানী ৰিলায়েন্স জিঅ’ই গ্ৰাহকক ৯০ দিনৰ বাবে কলিং, ডাটা, এছএমএছৰ লগতে অ’টিটি সুবিধা প্ৰদান কৰে।
আনহাতে এয়াৰটেলে ৯০ দিনৰ বাবে আনলিমিটেড কল, দৈনিক এছএমএছ আৰু অ’টিটিৰ সুবিধা প্ৰদান কৰে।
যদিও Jio ৰ তিনিটা প্লেন আছে যিবোৰৰ বৈধতা ৯০ দিনৰ সৈতে আহে, কিন্তু দুয়োটাৰে বৈশিষ্ট্য আৰু দাম বহুত বেলেগ। যদি আপুনি ডাটা প্লেন বাছি ল’ব বিচাৰে তেন্তে ৯০ দিনৰ বৈধতা থকা ডাটা প্লেনৰ মূল্য ১০০ টকা আৰু ১৯৫ টকা।
জিঅ’ৰ ১০০ টকীয়া ডাটা প্লেনৰ জৰিয়তে ৯০ দিনৰ বাবে মুঠ ৫জিবি ডাটা পাব। ইয়াৰ উপৰিও JioHotstar (Mobile / TV) ৰ চাবস্ক্ৰিপচন বিনামূলীয়াকৈ উপলব্ধ। আনহাতে ১৯৫ টকীয়া প্লেনত JioHotstar Mobile subscription একেবাৰে বিনামূলীয়াকৈ উপলব্ধ। এই প্লেনত মুঠ ডাটা বেনিফিট ১৫GB।
এয়াৰটেলৰ ৯০ দিনৰ প্লেন আছে যাৰ দাম বেছি আৰু জিঅ’ৰ তুলনাত কম সুবিধা পোৱা যায়। গ্ৰাহকক ৯২৯ টকাত প্ৰিপেইড প্লেন প্ৰদান কৰা হৈছে। আপুনি আনলিমিটেড কলিং, দৈনিক ১.৫জিবি ডাটা আৰু ৯০ দিনৰ বাবে প্ৰতিদিনে ১০০ এছএমএছৰ সুবিধা লাভ কৰে।
ইয়াৰ উপৰিও অন্যান্য সুবিধাসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। এই পৰিকল্পনাত স্পেম কল আৰু এছএমএছ সতৰ্কবাণীৰ সুবিধা উপলব্ধ। কেৱল এইটোৱেই নহয়, Airtel Xtreme এপ, বিনামূলীয়া Hellotune আৰু Apollo 24/7 Circle সুবিধাৰ বিনামূলীয়া প্ৰৱেশ লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ