অসম লাইভ২৪ঃ শিক্ষিত নিবনুৱালৈ আকৌ এটা ভাল খবৰ। এয়াৰপ’ৰ্ট অথৰিটি অৱ ইণ্ডিয়া অৰ্থাত ভাৰতীয় বিমান প্ৰাধিকৰণত ওলাইছে চাকৰি। প্ৰাধিকৰণে খালী হৈ থকা প্ৰায় ৬০০ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। প্ৰকাশিত বিজ্ঞাপন অনুসৰি খালী হৈ থকা প্ৰায় ৬০০ পদৰ ভিতৰত আছে Junior Executive(Engineering)Civiত ৬২ টা পষ্ট, জুনিয়ৰ এক্সিকিউটিভ (Engineering) ইলেক্ট্ৰিকেলত ৮৪ টা পষ্ট, জুনিয়ৰ এক্সিকিউটিভ ইলেক্ট্ৰনিক্সত ৪৪০ টা পষ্ট, জুনিয়ৰ এক্সিকিউটিভ আৰ্কিটেকছাৰ পদত ১০ টা পষ্ট ওলাইছে।
এই পদসমূহৰ বিপৰীতে দৰমহাৰ নিৰিখ মাহে ৪০,০০০-১,৪০,০০০ টকা। পদসমূহৰ বাবে অনলাইনযোগে আবেদনৰ অন্তিম তাৰিখ ২১ জানুৱাৰী, ২০২৩। বিজ্ঞাপন অনুসৰি জুনিয়ৰ এক্সিকিউটিভ (Engineering) পদৰ প্ৰাৰ্থীসকল Civil শাখাত Engineering/Technology স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ (Engineering) পদৰ প্ৰাৰ্থীসকল Electrical শাখাত Engineering/Technologyৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।
Junior Executive Electronics পদৰ প্রার্থীসকল Electronics/ Telecommunications/ Electrical শাখাত Engineering/ Technologyৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। Junior Executive-Architecture পদৰ প্ৰাৰ্থীসকল Architecture বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। ইয়াৰোপৰি প্ৰাৰ্থীসকলৰ Council of Architectureত নাম পঞ্জীয়নভুক্ত হ’ব লাগিব। আটাইকেইটা পদৰ বাবে প্ৰাৰ্থীসকলৰ বয়সৰ ২১ জানুৱাৰী, ২০২৩ লৈ ২৭ বছৰৰ অধিক হ’ব নোৱাৰিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ ক্ষেত্ৰত বিধিগত ৰেহাই লাভ কৰিব।
উল্লেখ্য যে এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে আবেদনৰ মাচুল হিচাপে ৩৩০ টকা আদায় দিব লাগিব। SC, ST, দিব্যাংগ, মহিলা, প্ৰাক্তন কৰ্মচাৰী, মৃত কৰ্মচাৰীৰ পৰিয়ালৰ সদস্য আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে এই আবেদনৰ মাচুল পৰিশোধ কৰিব নালাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ