ডিজিটেল ডেস্কঃ বলিউদৰ জনপ্ৰিয় অভিনেতা জনী লিভাৰ। যথেষ্ট সংগ্ৰামৰ মাজেৰে অভিনেতাগৰাকীয়ে আজিৰ এই পৰ্যায়ত উপনীত হৈছে। কেৰিয়াৰত ৩০০ৰো অধিক ছবিত কাম কৰিছে অভিনেতাগৰাকীয়ে। অতিকৈ দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা জনী লিভাৰে আৰ্থিক সংকটৰ সৈতে মোকবিলা কৰিবলৈ পঢ়া-শুনা এৰি কলম বিক্ৰী কৰিছিল। কষ্ট- সংগ্ৰামৰ মাজেৰে জীৱন অতিবাহিত কৰিলেও সৰুৰে পৰাই ধেমেলীয়া স্বভাৱৰ আছিল জনী লিভাৰ।
জনী লিভাৰৰ দেউতাকে আগতে হিন্দুস্তান লিভাৰ কোম্পানীত কাম কৰিছিল। পৰিয়ালটোৰ আৰ্থিক সংকট দেখি দেউতাকে জনী লিভাৰক সেই কোম্পানীটোৰে মজদুৰৰ চাকৰিত জইন কৰাই দিলে। সেই কোম্পানীটোৰ বন্ধুসকলক তেওঁৰ কমেডীৰে বহুত হঁহুৱাইছিল। ইয়াৰ বাবেই তেওঁৰ নাম জন প্ৰকাশ ৰাও জানুমালাৰ সলনি জনী লিভাৰলৈ সলনি কৰা হয়।
জনী লিভাৰে কমেডীৰ লগতে মিমিক্ৰীও কৰিছিল। তেওঁ ষ্টেণ্ডআপ কমেডিয়ান হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মঞ্চ শ্ব’ৰ সময়ত সঞ্জয় দত্তৰ পিতৃ সুনীল দত্তৰ চকু পৰিল তেওঁৰ ওপৰত। তেওঁ জনী লিভাৰক ‘দৰ্দ কা ৰিষ্ঠা’ ছবিখনত প্ৰথম সুযোগ দিছিল, তাৰ পিছৰে পৰাই আৰু পিছলৈ উভতি চাব লগা হোৱা নাই বলিউদৰ প্ৰখ্যাত কমেডিয়ান গৰাকীয়ে।
বৰ্তমান জনী লিভাৰৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৭৭কোটি। এখন ছবিত অভিনয়ৰ বাবে জনী লিভাৰে ৪কোটিৰো অধিক টকাৰ ফ্ৰীজ লয়। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ প্ৰথমগৰাকী ষ্টেণ্ডআপ কমেডিয়ান হৈছে জনী লিভাৰ। যাৰ বাবে তেওঁক কিং অৱ কমেডি বুলিও জনা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















