• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

1 month ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

6 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

6 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

7 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

7 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

8 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

9 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

9 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

9 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

10 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

11 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

11 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

মথাউৰি নিৰ্মাণ কৰা শ্ৰমিকৰ শিবিৰত ডকাইতি

editor by editor
August 27, 2026
in অপৰাধ, অসম, লেখা
0
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
0
SHARES
255
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাটত বানৰ মাজতে সংঘটিত এক ভয়ংকৰ ডকাইতি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰ-পশ্চিম যোৰহাটৰ মালৌখাটত মথাউৰি মেৰামতিৰ কামত নিয়োজিত শ্ৰমিকৰ শিবিৰত সংঘটিত হৈছে এই লুটপাতৰ ঘটনা। অভিযোগ অনুসৰি, ১০-১২ জনীয়া এটা ডকাইতৰ দলে শ্ৰমিকসকলক আক্ৰমণ কৰি শিবিৰৰ পৰা বিভিন্ন সামগ্ৰী লুট কৰি নিয়ে। ঘটনাৰ পাছত পুলিবৰ আৰক্ষীয়ে অভিযান চলাই এই কাণ্ডৰ সৈতে জড়িত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনে। আৰক্ষীৰ তদন্তত এজন নামঘৰীয়াৰ নামো সাঙোৰ খোৱাৰ তথ্য পোহৰলৈ আহিছে। আনকি নামঘৰীয়াজনৰ বাৰীৰ চুকত মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হৈছে লুট হোৱা সামগ্ৰী।

উল্লেখ্য যে, শেহতীয়া বানত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰা-মালৌখাট অঞ্চল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। ভোগদৈ নৈৰ বানে অঞ্চলটোৰ মথাউৰি প্ৰায় পাঁচটাকৈ স্থানত চিঙি পেলোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছিল। বানৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে জলসম্পদ বিভাগে জিঅ’ বেগ ব্যৱহাৰ কৰি ক্ষিপ্ৰতাৰে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিছিল। এই মেৰামতিৰ কামত নিয়োজিত শ্ৰমিকসকলৰ বাবে অঞ্চলটোতে অস্থায়ী শিবিৰ স্থাপন কৰা হৈছিল। অভিযোগ অনুসৰি, নিশাৰ ভাগত ১০-১২ জনীয়া এটা দলে শ্ৰমিকসকলৰ শিবিৰত প্ৰৱেশ কৰে। দলটোৱে শ্ৰমিকসকলক আক্ৰমণ কৰাৰ লগতে ভয়-ভাবুকি প্ৰদান কৰি শিবিৰত থকা বিভিন্ন সামগ্ৰী লুট কৰি নিয়ে। ঘটনাটোৱে বানপীড়িত অঞ্চলটোত নতুন আতংকৰ সৃষ্টি কৰে।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে পুলিবৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলায়। এই অভিযানতে চাঞ্চল্যকৰভাৱে এজন নামঘৰীয়াৰ ঘৰৰ চৌহদত মাটিৰ তলত পুতি থোৱা অৱস্থাত জলসম্পদ বিভাগৰ জিঅ’ বেগ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে নামঘৰীয়াজনৰ বাৰীত খান্দি উলিয়াই লুট হোৱা সামগ্ৰী উদ্ধাৰ কৰাত সমগ্ৰ ঘটনাই নতুন মোৰ লয়। বানৰ দৰে জটিল পৰিস্থিতিত মথাউৰি মেৰামতিৰ বাবে ব্যৱহৃত সামগ্ৰী লুট কৰাৰ ঘটনাক লৈ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে।

স্থানীয় লোকৰ মাজতো ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বানৰ সময়ত মথাউৰি মেৰামতিৰ কাম অতি জৰুৰী হৈ থকাৰ সময়তে শ্ৰমিকৰ শিবিৰত এইদৰে আক্ৰমণ আৰু লুটপাত সংঘটিত হোৱাত অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে। উদ্ধাৰ হোৱা সামগ্ৰী আৰু আৰক্ষীৰ অভিযানৰ ভিত্তিত ঘটনাটোৰ সৈতে আৰু কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও অনুসন্ধান চলি আছে। সমগ্ৰ ঘটনাটোৱে যোৰহাটত বানৰ মাজতে সংঘটিত এক গুৰুতৰ অপৰাধ হিচাপে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam floodRobbery
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ'ব নেকি?

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.