• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

2 months ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

15 minutes ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

1 hour ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

2 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

3 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

3 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

4 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

4 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

5 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

5 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

6 hours ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

6 hours ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

মথাউৰি নিৰ্মাণ কৰা শ্ৰমিকৰ শিবিৰত ডকাইতি

editor by editor
August 27, 2026
in অপৰাধ, অসম, লেখা
0
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
0
SHARES
255
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাটত বানৰ মাজতে সংঘটিত এক ভয়ংকৰ ডকাইতি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰ-পশ্চিম যোৰহাটৰ মালৌখাটত মথাউৰি মেৰামতিৰ কামত নিয়োজিত শ্ৰমিকৰ শিবিৰত সংঘটিত হৈছে এই লুটপাতৰ ঘটনা। অভিযোগ অনুসৰি, ১০-১২ জনীয়া এটা ডকাইতৰ দলে শ্ৰমিকসকলক আক্ৰমণ কৰি শিবিৰৰ পৰা বিভিন্ন সামগ্ৰী লুট কৰি নিয়ে। ঘটনাৰ পাছত পুলিবৰ আৰক্ষীয়ে অভিযান চলাই এই কাণ্ডৰ সৈতে জড়িত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনে। আৰক্ষীৰ তদন্তত এজন নামঘৰীয়াৰ নামো সাঙোৰ খোৱাৰ তথ্য পোহৰলৈ আহিছে। আনকি নামঘৰীয়াজনৰ বাৰীৰ চুকত মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হৈছে লুট হোৱা সামগ্ৰী।

উল্লেখ্য যে, শেহতীয়া বানত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰা-মালৌখাট অঞ্চল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। ভোগদৈ নৈৰ বানে অঞ্চলটোৰ মথাউৰি প্ৰায় পাঁচটাকৈ স্থানত চিঙি পেলোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছিল। বানৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে জলসম্পদ বিভাগে জিঅ’ বেগ ব্যৱহাৰ কৰি ক্ষিপ্ৰতাৰে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিছিল। এই মেৰামতিৰ কামত নিয়োজিত শ্ৰমিকসকলৰ বাবে অঞ্চলটোতে অস্থায়ী শিবিৰ স্থাপন কৰা হৈছিল। অভিযোগ অনুসৰি, নিশাৰ ভাগত ১০-১২ জনীয়া এটা দলে শ্ৰমিকসকলৰ শিবিৰত প্ৰৱেশ কৰে। দলটোৱে শ্ৰমিকসকলক আক্ৰমণ কৰাৰ লগতে ভয়-ভাবুকি প্ৰদান কৰি শিবিৰত থকা বিভিন্ন সামগ্ৰী লুট কৰি নিয়ে। ঘটনাটোৱে বানপীড়িত অঞ্চলটোত নতুন আতংকৰ সৃষ্টি কৰে।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে পুলিবৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলায়। এই অভিযানতে চাঞ্চল্যকৰভাৱে এজন নামঘৰীয়াৰ ঘৰৰ চৌহদত মাটিৰ তলত পুতি থোৱা অৱস্থাত জলসম্পদ বিভাগৰ জিঅ’ বেগ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে নামঘৰীয়াজনৰ বাৰীত খান্দি উলিয়াই লুট হোৱা সামগ্ৰী উদ্ধাৰ কৰাত সমগ্ৰ ঘটনাই নতুন মোৰ লয়। বানৰ দৰে জটিল পৰিস্থিতিত মথাউৰি মেৰামতিৰ বাবে ব্যৱহৃত সামগ্ৰী লুট কৰাৰ ঘটনাক লৈ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে।

স্থানীয় লোকৰ মাজতো ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বানৰ সময়ত মথাউৰি মেৰামতিৰ কাম অতি জৰুৰী হৈ থকাৰ সময়তে শ্ৰমিকৰ শিবিৰত এইদৰে আক্ৰমণ আৰু লুটপাত সংঘটিত হোৱাত অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে। উদ্ধাৰ হোৱা সামগ্ৰী আৰু আৰক্ষীৰ অভিযানৰ ভিত্তিত ঘটনাটোৰ সৈতে আৰু কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও অনুসন্ধান চলি আছে। সমগ্ৰ ঘটনাটোৱে যোৰহাটত বানৰ মাজতে সংঘটিত এক গুৰুতৰ অপৰাধ হিচাপে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam floodRobbery
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া
ৰাজনীতি

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

October 29, 2026
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’
ৰাজনীতি

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

October 29, 2026
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!
ভাৰত

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

October 29, 2026
Next Post
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ'ব নেকি?

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.