কাবাডী বিশ্বকাপ ২০২৫: ফাইনেলত আজি ভাৰতীয় দল, কেতিয়া আৰম্ভ হ’ব খিতাপৰ যুঁজ
কাবাডী বিশ্বকাপ ২০২৫ৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ। দুয়ো পুৰুষ – মহিলা দলে আজি খিতাপ দখলৰ উদ্দেশ্যে ফাইনেল খেলত নামিব। দুয়ো দলৰে বিৰোধী ইংলেণ্ড।
ছেমি ফাইনেলত ভাৰতীয় পুৰুষ দলে ৱেলছক ৯৩-৩৭ পইণ্টত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। আনহাতে মহিলা ভাৰতীয় দলে হংকং চাইনাক ৫৩-১৫ পইণ্টত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।
আজি ২৩ মাৰ্চ তাৰিখে ইংলেণ্ডৰ ওলভেৰহেমটন (Wolverhampton)ত অনুষ্ঠিত হব কাবাডিৰ দুয়োখন চূড়ান্ত খেল। ভাৰতীয় সময় অনুসৰি আজি নিশা ১০.১৫ ত প্ৰথমে আৰম্ভ হব পুৰুষ দলৰ খিতাপৰ যুঁজ, তাৰ পাছত ১১.৩০ বজাত আৰম্ভ হব মহিলাৰ খিতাপ যুঁজৰ খেল।
কাবাডী বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ পুৰুষ দলটোৱে স্কটলেণ্ডক ৮৪-৩৬ গ’লত পৰাস্ত কৰে ফাইনেলত প্ৰৱেশ কৰিছিল। আনহাতে মহিলা ইংলেণ্ড দলে ৱেলছক ৭২-২৫ পইণ্টত পৰাস্ত কৰি ফাইলেনৰ পথ প্ৰশস্ত কৰিছিল।
ভাৰতীয় দুয়োটা দলে এই পৰ্যন্ত প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন আগবঢ়াই আছে। আনহাতে ইংলেণ্ড দলেও নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। এনে পৰিস্থিতিত ফাইনেলখন ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ