এটি ভাইৰেল ঘৰ, দেখিছেনে এনে ঘৰ, বাহিৰে জুপুৰি, ভিতৰি বিলাসিতা
প্ৰতিদিনে ছ’চিয়েল মিডিয়াত নতুন কিবা এটা দেখা যায়, শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ই মানুহক স্তম্ভিত কৰি তুলিছে।
এই ভিডিঅ’টোত এটা সৰু জুপুৰি ঘৰ দেখা গৈছে, যি ঘৰ বাহিৰৰ পৰা দেখাত সম্পূৰ্ণ গাঁৱৰ পৰম্পৰাগত ঘৰবোৰৰ দৰেই, কিন্তু কেমেৰা ঘৰৰ ভিতৰলৈ যোৱাৰ লগে লগে সলনি হৈছে দৃশ্য। যি দেখি নিজৰ চকুকে বিশ্বাস কৰিবলৈ টান হৈছে দৰ্শকৰ।
ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে বাহিৰৰ পৰা অতি সহজ দেখা এই ঘৰটো ভিতৰৰ পৰা বিলাসী এপাৰ্টমেণ্টতকৈও কম নহয়।
কাৰণ ঘৰটোৰ ভিতৰৰ ফিনিচিং অতি উত্তম, য’ত আছে দামী টাইলছ, আধুনিক লাইটিং, ডাঙৰ টিভি, আৰামদায়ক চোফা আৰু ধুনীয়া অভ্যন্তৰীণ অংশ। আটাইতকৈ আচৰিত কথাটো হ’ল গা ধোৱা ঘৰতো লগোৱা আছে এয়াৰ কণ্ডিচনাৰ।
যি ঘৰে এতিয়া বহু দৰ্শককে আকৰ্ষণ কৰিছে। বাহিৰৰ পৰা জুপুৰি ঘৰটোৰ ভিতৰত এনে জাকজমকীয়া তথা বিলাসী ব্যৱস্থা থকাত তবধ মানিছে সকলো। লগতে বহু দৰ্শকে কৈছে এনে ঘৰে চোৰ-ডকাইত আদিক দূৰতে ৰাখিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ