এখন-দুখন নহয়, চিকিৎসক চকুৰ পৰা উলিয়ালে ২৩ খনকৈ কনটেক্ট লেন্স
চকুৰ সামান্য অসুবিধা লৈ চিকিৎসকৰ কাষ চাপিছিল এগৰাকী মহিলা। কিন্তু মহিলাগৰাকীৰ চকু পৰীক্ষা কৰি আচৰিত হৈ পৰে চিকিৎসক। কাৰণ মহিলাগৰাকীৰ চকুৰ পতাৰ ভিতৰত চিকিৎসকে উদ্ধাৰ কৰে কনটেক্ট লেন্সৰ সম্ভাৰ।
লগে লগে চিকিৎসক মহিলাগৰাকীৰ চকুৰ পৰা বাহিৰ কৰিবলৈ ধৰে লেন্স সমূহ। এখন-দুখন কৈ ওলাই ওলাই শেষত মুঠ ২৩ খনকৈ কনটেক্ট লেন্স বাহিৰ কৰে মহিলাগৰাকীৰ চকুৰ পতাৰ পৰা।
চিকিৎসকে এই কাৰ্যৰ ভিডিঅ’ কৰি ৰাখে। আৰু পাছত সেই ভিডিঅ’ সামাজিক মাধ্যমকত আপলোড কৰাত ভাইৰেল হৈ পৰে।
ভাইৰেল ভিডিঅ দেখি ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ো আচৰিত হৈ পৰে। কেনেদৰে এটা মাথো চকুৰ ভিতৰত সোমাই থাকিব পাৰে ২৩ কনকৈ কন্টেক্ট লেন্স।
মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত চিকিৎসকক জনোৱা অনুসৰি, নিতৌ কনটেক্ট লেন্স লগাই কিন্তু নিশা হলেই শুই পৰে, যাৰ ফলত কনটেক্ট লেন্স আঁতৰাবলৈ পাহৰি যায়। তেনেদৰেই মহিলাগৰাকীৰ চকুত ৰৈ যায় বহু কেইখন লেন্স।
অৱশ্যে এই ঘটনা এতিয়াৰ নহয়, ২০২২ চনৰ কেলিফৰ্নিয়াৰ, আগষ্ট-ছেপ্টেম্বৰৰ ঘটনা। কিন্তু পোহৰলৈ আহে ১৩ ছেপ্টেম্বৰৰ দিনা চিকিৎসক গৰাকীয়ে ইনষ্টাগ্ৰামত দিয়া ভিডিঅৰ জৰিয়তে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ