ভাৰতীয় দলত পাবনে স্থান, মাত্ৰ ৪৫টা বলত শতক অৰ্জন ইশানৰ
আই পি এল ২০২৫ৰ দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হৈছে। এই মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেনে বিস্ফোৰক বেটিং কৰে। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত ঈশান কিষানে মাথো ৪৫টা বলত শতক সম্পূর্ণ কৰিছে৷
অভিষেক শৰ্মা আউট হোৱাৰ পিছতে বেটিং কৰিবলৈ আহিছিল ঈশান কিষাণ। ইনিংছৰ আৰম্ভণিৰে পৰাই ইশানে ভাল ফৰ্মত দেখা গৈছিল। মাত্ৰ ২৫টা বলত কিষানে নিজৰ পঞ্চাশ ৰান সম্পূৰ্ণ কৰে।
ইয়াৰ পিছত মাথো ৪৫টা বলত শতক সম্পূৰ্ণ কৰে। আই পি এল কেৰিয়াৰৰ এয়া ইশান কিষানৰ প্ৰথম শতক। এই শতকত ইশানে ১১টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত মুঠ ৪৭টা বলত ১০৬ ৰান সংগ্ৰহ কৰি নটআউট হৈ থাকে।
ইয়াৰ লগে লগে ইশানে পুনৰ টিম ইণ্ডিয়াৰ বাবে নিজৰ স্থানৰ দাবী দাখিল কৰে। পুনৰ এবাৰ নিজৰ দক্ষতাৰ প্ৰমাণ দিয়ে ইশানে। এতিয়া ইশানে ভাৰতীয় দলত স্থান লাভ কৰে নে নকৰে সেয়া সময়তহে দেখা যাব। অৱশ্যে বহুবাৰ দলৰ সৈতে থকাৰ পাছতো দলৰ হৈ খেলাৰ সুযোগ পোৱা নাছিল ইশানে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ