অসম লাইভ২৪ঃ কামাখ্যা দেৱালয়ত শিৱৰ আৰাধনাও চলে সেই কথা বহুতেই জানে৷ কিন্তু কামাখ্যা দেৱালয়ৰ ভিতৰত আছে অন্য এক ৰহস্যঘন শিৱলিংগও৷ সেই কথা হয়তো বহুতৰেই অজ্ঞাত৷ কামাখ্যা মন্দিৰৰ উত্তৰ দিশত আছে এটা বিশেষ পুখুৰী৷ এই পুখুৰীটোলৈ হয়তো কোনোৱে মন নকৰে৷ সকলোৰে দৃষ্টিৰ পৰা আঁতৰি থকা এই পুখুৰীটোতেই আছে এটা বিশেষ শিৱলিংগ৷ শিৱলিংগটো বছৰৰ এটা সময়তহে পৰিস্ফুত হয়৷
এই শিৱলিংগটো প্ৰত্যেক বছৰেই শিৱ পূজাৰ দিনটোত ভক্তসকলে দেখা পায়৷ কেৱল দেখা পোৱাই নহয় ভক্তসকলে তাত পূজা অৰ্চনাও কৰিব পাৰে৷ বছৰৰ ৩৬৪ দিনেই অদৃশ্য হৈ থাকে এই শিৱলিংগটো৷ পানীত তলত ডুব গৈ থকা শিৱলিংগটো শিৱপূজাৰ দিনটোত পানী সিঁচি চাফা কৰা হয়৷ তাতেই শিৱভক্তসকলে পূজা-অৰ্চনা কৰে৷ কিয় এনেদৰে থাকে শিৱলিংগটো সেই বিষয়টো লৈ বহুতেই জানিবলৈ আগ্ৰহী হৈ থাকে যদিও কিয় এনেদৰে পুখুৰীৰ ভিতৰত এই শিৱলিংগটো ৰখা হৈছে সেই বিষয়টোক লৈ কোনোৱেই সঠিক তথ্য বৰ্তমানলৈ আগবঢ়াব পৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















