সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে চৌদিশে বাজিছে ৰণডংকা। ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব নিৰ্বাচন। অসমত এটা পৰ্যায়তে ১২৬ টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২৩ মাৰ্চ। সেয়ে গৌৰৱ গগৈৰ উপৰিও কেইবাগৰাকীও ৰথী-মহাৰথীয়ে দাখিল কৰিব মনোনয়ন। এই মনোনয়ন পত্ৰসমূহ ২৪ মাৰ্চত পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন দিয়া হৈছে ২৬ মাৰ্চ।
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে যোৰহাট ষ্টেডিয়ামত এক গোট হৈ ৰাইজ, কংগ্ৰেছৰ সকলো নেতা-কৰ্মী, বিৰোধী মিত্ৰজোঁটৰ ৰাজনৈতিক দল সমূহৰ সতীৰ্থসকল তথা সকলো শুভাকাংক্ষীৰে সৈতে একেলগে এক সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত। গুৱাহাটীৰ ৪ সমষ্টিৰ NDA প্ৰাৰ্থী দাখিল কৰিব মনোনয়ন। ইফালে হাতত হনুমান চালিছা লৈ মনোনয়ন দিবলৈ উলাই গ’ল বিজেপি প্ৰাৰ্থী ভূপেন কুমাৰ বৰা, মাতৃৰ আশীৰ্বাদ লৈ ওলাল বোকাখাতৰ প্ৰাৰ্থী তথা অগপ সভাপতি অতুল বৰা। একেদৰে বহুতো হেভীৱেট প্ৰাৰ্থীয়ে সমদল উলিয়াই আজি মনোনয়ন পত্ৰ দাখিল কৰিব।
কিন্তু ইয়াৰ মাজতে মনোনয়ন দাখিলৰ অন্তিম দিনটোতেই আহিল নিৰ্দেশনা। কামৰূপ জিলা আয়ুক্তৰ স্বপ্নীল পালে নিৰ্দেশনা জাৰি কৰিছে।
- প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি গণেশগুৰি-হেঙেৰাবাৰী পথত কৰিব নোৱাৰিব কোনো সমদল,
- জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত সমবেত হ’ব নোৱাৰিব সমৰ্থক
- অনুমতি অবিহনে প্ৰৱেশ কৰিব নোৱাৰিব জিলা আয়ুক্তৰ কাৰ্যালয়ত
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















