অসম লাইভ ২৪ঃ ডেৰমাহ অতিক্ৰম কৰিলে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে। কিন্তু এতিয়াও সুশান্তৰ মৃত্যুৰ ৰহস্য ফাদিল হোৱা নাই। অভিনেতাগৰাকীৰ মৃত্যু স্বাভাৱিক নে অস্বাভাৱিক? হত্যা নে আত্মহত্যা? ইয়াৰ কোনো সঠিক উত্তৰ পোৱা নাই অনুৰাগীয়ে। ইয়াৰ মাজতে বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে কৰিলে এক অদ্ভূত মন্তব্য। কংগনাই কৈছে- ‘যদি মোক কেতিয়াবা ছিপ লোৱা অৱস্থাত দেখা পোৱা যায়, তেতিয়াহ’লে বুজি ল’ব যে মই আত্মহত্যা কৰা নাই। মোক কোনোবাই হত্যা কৰিছে।’ ছ’চিয়েল মিডিয়াত এই কথা জনালে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে। এটা সংবাদপ্ৰতিষ্ঠানৰ বাতৰি মতে জনা গৈছে যে সুশান্তৰ মৃত্যুৰ আগদিনা নিশা সুশান্তৰ ঘৰত এটা নৈশ বোজনৰ আয়োজন কৰা হৈছিল। সেই পাৰ্টীত উপস্থিত আছিল জনপ্ৰিয় এজন ৰাজনৈতিক সদস্য। যাক সকলোৱে ‘ছটো পেংগুইন’ নামেৰে জানে। কংগনাই নাম উল্লেখ নকৰাকৈ কৈছে যে তেওঁ এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ, বলীউড পৰিচালক কৰন জোহৰৰ বেষ্ট ফ্ৰেইণ্ড। ইয়াৰ পাছতে কংগনাই সেই অদ্ভুত মন্তব্য কৰিছে। সুশান্তৰ মৃত্যুত ৰিয়া চক্ৰৱৰ্তীৰ নাম সাঙোৰ খাই পৰা প্ৰসংগতো কংগনাই ক’লে-‘ৰিয়া অৰ্থলোভী আছিল। সেয়া সকলোৱে জানে। সেইবাবেই বলীউডৰ মাফিয়া দলৰ ছুইচাইড গেঙৰ দ্বাৰা এই কাম কৰা হৈছে।’ গতিকে সুশান্তৰ মৃত্যুৰ সঠিক তদন্ত হোৱাতে বিচাৰিছে কংগনা ৰানাৱটে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ