মাণ্ডি লোকসভা কেন্দ্ৰৰ পৰা সদ্য সাংসদ হৈছে কংগনা ৰানাওট৷ সাংসদ নিৰ্বাচিত হৈ শপত ল’বলৈ নৌপাওঁতেই চৰ খাই সংবাদ শিৰোনামত অভিনেত্ৰী কংগনা৷ বৃহস্পতিবাৰে তেওঁক চৰ মৰাৰ অভিযোগ উঠিছে এগৰাকী মহিলা CISF জোৱানৰ বিৰুদ্ধে৷ চণ্ডীগড় বিমানবন্দৰত এই ঘটনা৷ চণ্ডীগড়ৰ এই ঘটনা এতিয়া সংবাদ শিৰোনামত৷ চণ্ডীগড় বিমান বন্দৰৰ সেই ঘটনা এতিয়া মোবাইলে মোবাইলে ভাইৰেল৷
দিল্লী যাবৰ বাবে চণ্ডীগড় বিমানবন্দৰৰ পৰা ভিস্তাৰা বিমান ধৰিবলৈ সেই বিমান বন্দৰত উপস্থিত হৈছিল কংগনা৷ ছিকিউৰিটি ছেকিঙৰ সময়ত তেওঁক এটা পূৰ্ণহতীয়া চৰ দিয়ে CISF জোৱান কুলবিন্দৰ কৌৰে৷ পৰবৰ্তীসময়ত নিজেই এই কামক লৈ ছাফাইয়ো দিয়ে কুলবিন্দৰ কৌৰে৷ উপস্থিত প্ৰত্যক্ষদৰ্শীৰ উদ্দেশ্যে কুলবিন্দৰ কৌৰে কয়, ‘২০২০চনত কংগনা ৰানাউটে এটা বিবৃতি দিছিল৷ সামাজিক মাধ্যমত সেই বিবৃত্তি ময়ো পঢ়িছিলো৷ দিল্লীত কৃষকে তেতিয়া তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল৷ তেতিয়াই কংগনাই কৃষকক অসন্মান কৰি দিছিল বিশেষ পোষ্ট৷ ১০০-২০০ টকাৰ বাবে কৃষকে এই আন্দোলনত ছামিল হৈছিল বুলি মন্তব্য কৰিছিল৷ সেই সময়ত মোৰ মায়েও কৃষক আন্দোলনত ভাগ লৈ ধৰ্ণা দি আছিল৷’
কংগনাক চৰ মৰাৰ অভিযোগত CISFৰ সেই জোৱানৰ বিৰুদ্ধে ইতিমধ্যেই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে মাণ্ডীৰ সাংসদ কংগনাই৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে CISFজোৱান গৰাকীক৷ CISFৰ পৰাও ছাছপেন কৰা হৈছে কুলবিন্দৰ কৌৰক৷
কিহক লৈ ইমান ক্ষোভ CISF কুলবিন্দৰ?
ঘটনাৰ সূত্ৰপাত ২০২০ চনত৷ তিনিখন কৃষি বিলৰ বিৰুদ্ধে প্ৰতিবাদত নামিছিল দেশৰ কৃষক৷ কৃষকে পদযাত্ৰা কৰি দিল্লীৰ উদ্দেশ্যে ৰাওনা হৈছিল৷ সেই সময়তেই কংগনা ৰানাওটে এটা বিশেষ পোষ্ট ফেছবুকত শ্বেয়াৰ কৰিছিল৷ এগৰাকী বৃদ্ধা মহিলাক বিলকিছ বানু বুলি চিহ্নিত কৰি তেওঁ লিখিছিল, ‘শ্বাহিন বাগৰ পৰিচিত মুখ এওঁ বিলকিছ বানু৷ এওঁলোকক ১০০টকাতেই পোৱা যায়৷’ কংগনাৰ এই পোষ্টক তেতিয়া বহুতেই সমালোচনাও কৰিছিল৷ বিতৰ্কৰ শেষত সেই বিশেষ পোষ্টটোৰেই পোটক তুলিলে এইগৰাকী কৃষক কন্য কুলবিন্দৰ কৌৰে৷ অৱশ্যে বৰ্তমান কংগনা ৰানাউটৰ একাউণ্টত সেই পোষ্টটো নাই৷ সেই সময়ত কোনোৱে মাৰি থোৱা এখন স্ক্ৰিণশ্বটহে ভাইৰেল হৈছে৷ সেই পোষ্টৰ বাবেই পাঞ্জাৱী গায়ক দিলজিৎ দোছাঞ্জ আৰু কংগনাৰ মাজত তৰ্কাতৰ্কিও হৈছিল৷ পোষ্ট ডিলিট কৰিবলৈ একাধিক আইনী চিঠিও পাইছিল কংগনাই৷ কৃষকক অপমান কৰাৰ বাবে ক্ষমা খোজাৰো দাবী তোলা হৈছিল কংগনাৰ বিৰুদ্ধে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















