অসম লাইভ২৪ঃ বক্স অফিচৰ ওপৰতেই নিৰ্ভৰশীল হৈ আছে কংগনা ৰানাউটৰ ভৱিষ্যত জীৱন৷ বলীউডত কংগনাক আৰু দেখিবনে সেয়াও নিৰ্ভৰশীল আছে বক্স অফিচৰ ওপৰতেই৷ প্ৰশ্ন উত্থাপন হৈছে কংগনাই আকৌ কিবা নতুন বিতৰ্ক কৰিবলৈ আৰম্ভ কৰিছে নেকি?
এখনৰ পাছত আনখন ছবিয়ে মুক্তি লাভ কৰাৰ পাছতো সকলোবোৰেই ফ্লপ হৈছিল কংগনাৰ৷ সেয়ে শেহতীয়াকৈ কংগনাই দাবী কৰা অনুযায়ী তেওঁ এইবাৰ উচ্চ মানদণ্ডৰ এখন ছবি কৰিছে৷ সেয়ে এইবাৰ কংগনাই ছবিখনৰ বাবেই বলীউডৰ নিজা সকলো সম্পত্তিয়েই বন্ধকত দি বিশেষ ছবিখন কৰিছে৷
আহিবলগীয়া ছবি ইমাৰজেঞ্চিৰ শ্বুটিঙত সামৰিয়েই সামাজিক মাধ্যমত এই খবৰ জনাইছে কংগনাই৷ ভাইৰেল হৈ পৰা পষ্টটোত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে কংগনাই৷ ছবিখনৰ বাবেই কংগনাই নিজা সকলো সম্পত্তি বন্ধকত দিব লগা হৈছে৷ ইয়াৰোপৰি ছবিখনৰ কাম কৰি থাকোতেই ডেংগু জ্বৰতো আক্ৰান্ত হৈছে কংগনা৷ এই ছবি কিবা কাৰণত ফ্লপ হ’লে কংগনাই বলীউডত টিকি থকাটোৱেই জটিল হ’ব কংগনাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ