এইবাৰ হত্যাৰ ধমকি দি ই মেইল প্ৰেৰণ কৰিছে কমেডিয়াৰ কপিল শৰ্মালৈ৷ আৰু সেই ই মেইল পঠিওৱা হৈছে পাকিস্তানৰ পৰা৷ এই অভিযোগ দাখিল কৰা হৈছে মহাৰাষ্ট্ৰৰ আম্বোলি থানাত৷ কেৱল কপিল শৰ্মাই নহয়, ধমকি ভৰা ই মেইল আহিছে ৰেমো ডিছুজা, ৰাজপাল যাদৱ, সুগন্ধা মিশ্ৰালৈকো৷ আম্বোলি থানাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি কমেডিয়ান কপিল শৰ্মা, অভিনেতা ৰাজপাল যাদৱ, অভিনেত্ৰী সুগন্ধা মিশ্ৰা আৰু গায়ক ৰেমো ডি ছুজালৈকো এই ধমকি ভৰা মেইল আহিছে৷ মেইলত প্ৰেৰকৰ নামৰ স্থানত লিখা আছে ‘BISHNU’। আৰক্ষীয়ে জনাইছে যে, মেইলত লিখা আছে, ‘আমি আপোনাৰ প্ৰতি মুহূৰ্তৰ গতিবিধিৰ ওপৰত নজৰ দি আছো৷ এয়া অত্যন্ত সংবেদনশীল বিষয়, সেয়ে আপোনাক জনাই থলো৷ এয়া কোনো পাব্লিছিটি ষ্টাণ্ট বা আপোনাক বিৰক্ত কৰাৰ চেষ্টা নহয়৷ আমাৰ অনুৰোধ এই মেছেজটো গুৰুত্বসহকাৰে লওক৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















