অসম লাইভ২৪ঃ আসন্ন লোকসভা নিৰ্বাচন। ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে। শাসক দলৰ পৰা বিৰোধী দললৈকে সকলোৱে নামি পৰিছে ৰণকৌশল প্ৰস্তুতৰ দৌৰত। বিৰোধীসকলেও মোদীক কেনেকৈ গাদীচ্যুত কৰিব পাৰিব তাৰেই চিন্তা চৰ্চা কৰিছে। আনহাতে শাসকদলে মোদী মেজিকৰ ওপৰত ভৰষা কৰিয়েই আগবাঢ়িছে। প্ৰধানমন্ত্ৰীৰ ভাষণতো ভৰপূৰ আত্মবিশ্বাস। ২৪ ত পূৰ্বৰ সকলো ৰেকৰ্ড ভাঙি নতুনকৈ ৰাইজৰ আশীৰ্বাদ লৈ বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলি দৃঢ় বিশ্বাসী প্রধানমন্ত্ৰী। একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যতে জনমতো প্ৰকাশ কৰিছে। কিন্তু ২৪ ৰ নিৰ্বাচনত কোনে চৰকাৰ গঠন কৰিব সেয়া সময়ৰ ওপৰত নিৰ্ভৰশীল হ’লেও জ্যোতিষীয়ে দাবী কৰামতে ২৪ ত দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰীৰ আসনত মহিলাই বহিব।
মে মাহত অনুষ্ঠিত হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছতেই ৰাজনীতিত কেইবাটাও পৰিবৰ্তন আহিছে। ২২৪ খন আসনৰ মাজত ১৩৬খন আসনেই কৰ্ণাটকত দখল কৰিছে কংগ্ৰেছে। ইয়াৰপিছতেই শেহতীয়াকৈ কৰ্ণাটকৰ এগৰাকী জ্যোতিষীয়ে দাবী কৰামতে ২৪ ৰ লোকসভা নিৰ্বাচনত প্রধানমন্ত্ৰী সলনি হ’ব দেশত। জ্যোতিষীগৰাকীয়ে কৰা ভৱিষ্যতদ্বাণী ইতিমধ্যে ভাইৰেল হৈ পৰিছে। কৰ্ণাটক নিৰ্বাচৰ পূৰ্বেও তেওঁ ভৱিষ্যতবাণী কৰিছিল। সেই ভৱিষ্যতবাণী সঁচা কৰি কংগ্ৰেছেই কৰ্ণাটকত বিজয় সাব্যস্তও কৰিছে।
জি উৰুজি’য়ে দাবী কৰামতে ২৪ ৰ নিৰ্বাচনক কোনো দলে নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰিব। কিন্তু প্ৰধানমন্ত্ৰী সলনি হ’ব দেশত।’জ্যোতিষীয়ে লগতে কয়, ‘তৰাৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি তেওঁ এই ভৱিষ্যতবাণী কৰিছে। তেওঁ কয়, ‘২৪ ৰ ফেব্ৰুৱাৰীত মহা শিৱৰাত্ৰী উদযাপনৰ পিছতেই ভাৰতত নেতৃত্বৰ পৰিবৰ্তন হ’ব। কিন্তু এই উৎসৱৰ আগত নিৰ্বাচন অনুষ্ঠিত হ’লে মোদীয়েই প্রধানমন্ত্ৰী হৈ থাকিব। কিন্তু মহাশিৱৰাত্ৰীৰ পিছত নিৰ্বাচন হ’লে নেতৃত্ব সলনি হ’ব দেশত।’
কিন্তু জ্যোতিষীয়ে এই ভৱিষ্যতবাণী কৰাৰ পাছতেই সকলোৰে মাজত আৰম্ভ হৈছে চৰ্চা। কোন হ’ব পাৰে মহিলা প্রধানমন্ত্ৰী? প্ৰিয়ংকা গান্ধী, ছোনীয়া গান্ধী নে মমতা বেনাৰ্জী? জ্যোতিষীকো একাংশই এই প্রশ্ন কৰিছে। জ্যোতিষীজনে এই প্ৰশ্নৰ উত্তৰত কয়, ‘মই ফেব্ৰুৱাৰী মাহৰ পাছতহে এই ভৱিষ্যতবাণী কৰিম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ