অসম লাইভ২৪ঃ শুকুৰবাৰে স্বামী বিকি আৰু তেওঁৰ পৰিয়ালৰ সৈতে সিদ্ধিবিনায়ক মন্দিৰত পূজাত ভাগ লোৱা দেখা গৈছে কেটৰীণাক৷ নীলা ৰঙৰ পোছাকত দেখা গৈছে কেটৰীণাক৷ ঢিলা পোছাক পৰিহিতা কেটক দেখিয়েই সামাজিক মাধ্যমত আৰম্ভ হৈছে চৰ্চা৷ কেটক দেখা মাত্ৰকেই অনুৰাগীৰ চৰ্চা, কেট অন্তঃসত্বা৷ অনুৰাগীয়ে দাবী কৰা মতে কেট এতিয়া ছমহীয়া অন্তঃসত্বা৷
বিগত কেইমাহ মান ধৰি কেটে কেমেৰাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে৷ পোছাকতো সালসলনি দেখা গৈছে কেটৰ৷ কেটৰ ছবি দেখা মাত্ৰকেই বহুতেই কৈছে, নতুন বছৰত কেট-বিকিয়েও দিব ভাল খবৰটো৷ আনহাতে নতুন বছৰতেই সপৰিয়ালে সিদ্ধিবিনায়ক মন্দিৰত পূজা-অৰ্চনা কৰাক লৈয়ো বহুতেই এয়া পৰিয়াল পৰিকল্পনাৰেই ইংগিত বুলি দাবী কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ