অসম লাইভ২৪ঃ ৪৮ ঘণ্টাৰ মাজত সকলোবোৰ সলনি৷ বিগত ২৪ মে’ত ৰাজস্থান ৰয়েলছক কোয়ালিফায়াৰ টুত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ ছবছৰৰ পাছত ফাইনেলত প্ৰৱেশ কৰিছিল৷ দলৰ মালিক কাব্যা মাৰাণে এই আনন্দপূৰ্ণ সময় ধুমধামেৰে চেলিব্ৰেটো কৰিছিল৷ কিন্তু ২৬ মে ২০২৪, এই দিনটো হৈ পৰিল কাব্যাৰ জীৱনত অতিকৈ দুখৰ দিন৷ কাব্যাৰ দল KKRৰ ওচৰত অসহায় আত্মসমৰ্পণ কৰিলে আইপিএলৰ ফাইনেলত৷
যি SRHয়ে লীগৰ মেচত ২৮৭ ৰান কৰি টি-২০ ক্ৰিকেটত ইতিহাস ৰচিছিল সেই দলেই দেওবাৰে মাত্ৰ ১১৩ ৰানতেই অল আউট৷ SRHক শোচনীয়ভাৱে হৰুৱাই কলকাতা নাইট ৰাইডাৰ্ছে ৮উইকেটত তৃতীয়বাৰৰ বাবে জয় কৰিলে আইপিএলৰ ট্ৰফী৷ কাব্যাৰ চকুৰ সন্মুখত কেকেৰাৰ উৎসাহ সহ্য কৰিব নোৱাৰিলে কাব্যাই৷ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি ষ্টেডিয়ামতেই কান্দি উঠিল কাব্যা মাৰান৷ কাব্যাৰ কান্দোনৰ দৃশ্য এতিয়া নেটদুনীয়াত খুবেই ভাইৰেল৷ ভাইৰেল হোৱাৰো কথা৷ আইপিএলৰ আটাইতকৈ সুন্দৰী মালিকেই হৈছে কাব্যা৷
হাঁহিমুখীয়া কাব্যাৰ কান্দোন সহিব পৰা নাই তেওঁৰ ভক্তই৷ একাংশ অনুৰাগীয়ে এক্স হেণ্ডেলত লিখিছে, ‘কাব্যা মাৰানৰ এই কান্দোন আমাৰ সহ্য হোৱা নাই৷ আমি কেকেআৰক এই কাৰণতেই কাহানিও ক্ষমা কৰিব নোৱাৰিম৷ কাব্যা আমাৰ বাবে গেলাৰীৰ লাইমলাইট৷ আমি কাব্যাৰ বাবেই SRHখেল চাবলৈ আগ্ৰহী হৈ থাকো৷’ কাব্যা দক্ষিণ ভাৰতৰ অত্যন্ত জনপ্ৰিয় ছান মিউজিক আৰু ছান টিভিৰ এফএম চেনেলসমূহৰ মালিক কালনিথি মাৰানৰ কন্যা৷
২০১৮ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ চলি থকাৰ সময়ত প্ৰথমবাৰৰ বাবে কেমেৰাৰ ফকাচত আহিছিল কাব্যা৷ নিশাৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল কাব্যা৷ ছচিয়েল মিডিয়াৰ আলোচনাৰ বিষয়ো হৈ পৰিছিল কাব্যা৷ বহুতেই ভাৱিছিল তেওঁ কোনোবা অনুৰাগী ৷ কোনোৱে ভৱা নাছিল তেঁৱেই মালিক৷ জনা নাছিল তেওঁৰ পৰিচয়৷ তেওঁৰ বুদ্ধিমত্তা আৰু সৌন্দৰ্য সকলোৰে চকুত পৰে৷ ২০১৮ চনত কাব্যা নিযুক্ত হৈছিল অৰেঞ্জ আৰ্মিৰ চিইঅ’ হিচাপে৷ ব্যক্তিগত জীৱনক একেবাৰেই ব্যক্তিগত কৰি ৰাখে কাব্যাই যাৰ বাবে কাব্যাৰ বিষয়ে কোনো বিশেষ তথ্যও উপলব্ধ নহয় ইণ্টাৰনেটত৷ কাব্যা কোনো ছচিয়েল মিডিয়া প্লেটফৰ্মতো নাই৷ লাইমলাইট একেবাৰেই অপছন্দ কাব্যাৰ৷
কাব্যাৰ ভাললগা, বেয়ালগা সন্দৰ্ভতো একো কথাই জানিব পৰা নাযায়৷ কাব্যাৰ জীৱনত কোনো প্ৰিয় পুৰুষ আছেনে সেই কথাও সকলোৰে অজানা৷ ৩২ বছৰীয়া কাব্যাই চেন্নাইৰ ষ্টেলা মেৰিছ কলেজৰ পৰা কমাৰ্ছৰ ডিগ্ৰী অৰ্জন কৰিছিল৷ ইয়াৰপাছতেই ব্ৰিটেইনৰ ৱাৰউইক বিজনেছ স্কুলৰ পৰা এমবিএ পাছ কৰে৷ কাব্যাৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ৪০৯ কোটি টকা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















