অনুৰাগীয়ে কৈছে, ‘বয়স বঢ়াৰ লগে লগে সৌন্দৰ্য বাঢ়িছে’৷ কিন্তু এই ৰূপৰ বাবেই জটিল শাৰীৰিক সমস্যাত ভূগিছে অভিনেত্ৰীগৰাকী৷ ব্ৰিটিছ তাৰকা অভিনেত্ৰী কেলি ব্ৰুকৰ শাৰীৰিক অসুস্থতাৰ কাৰণ হৈছে তেওঁৰ বক্ষ যুগল৷ সাম্প্ৰতিক এক সাক্ষাৎকাৰত এই কথা নিজেই জনাইছে মডেল তাৰকা কেলি ব্ৰুকে৷ কেলি ব্ৰুকে কৈছে যে বয়স বঢ়াৰ লগে লগে নিজৰ বক্ষৰ ভাৰ নিজেই ডাঙিব নোৱাৰা হৈ হালি পৰিছে তেওঁ৷ সমস্যা আহিছে মেৰুদণ্ডতো৷
উল্লেখ্য যে মাত্ৰ ১৬ বছৰ বয়সৰ পৰাই মডেলিং কৰিছে কেলিয়ে৷ ২০০৫ চনৰ এক সংবাদসংস্থাই কৰা সমীক্ষাত ডেৰ কোটি মানুহৰ ভোটেৰে পৃথিৱীৰ সকলোতকৈ লাস্যময়ী নাৰীৰ খিতাপো তেওঁ অৰ্জন কৰিছিল৷ বহু সফল চলচ্চিত্ৰ আৰু টেলিভিছন শ্বতো তেওঁক দেখা গৈছে৷ এই জনপ্ৰিয় তাৰকাৰ শাৰীৰিক সমস্যাৰ কথা প্ৰকাশলৈ অহাৰ পাছতেই আচৰিত হৈছে অনুৰাগীও৷
৪৫ বছৰীয়া কেলিয়ে জনাইছে যে কিছুদিন ধৰি তেওঁ পিঠিৰ বিষৰ যন্ত্ৰণাত ভূগিছে৷ চিকিৎসকে জনাইছে যে এই যন্ত্ৰণাৰ নেপথ্যত আছে তেওঁৰ স্তনৰ আকাৰ৷ বৃহদাকাৰ বক্ষ যুগলৰ ওজন ধৰি ৰাখিবলৈ গৈ চাপ পৰিছে পিঠিত৷ ২০২০ চনৰ পৰাই এই সমস্যাত তেওঁ ভূগি আছে৷ চিকিৎসকে তেওঁক পৰামৰ্শ দিছে ওজন কমোৱাৰ৷ সেই পৰামৰ্শ মানি ওজন কমাইছে নায়িকাগৰাকীয়ে৷ ইয়াৰোপৰি কায়ৰোপ্ৰেক্টিক থেৰাপিও লৈছে তেওঁ৷ তেওঁৰ আশংকা যদি এই ধৰণৰ থেৰাপি আৰু ওজন নিয়ন্ত্ৰণে কাম নকৰে তেন্তে তেওঁ অস্ত্ৰোপছাৰ কৰাব৷ স্বাস্থ্য ভালে ৰাখিবলৈ গৈ যদি সৌন্দৰ্য কমে তেন্তে কোনো কথা নাই৷ কেলিয়ে জনাইছে যে কেৰিয়াৰৰ এই পৰ্যায়ত তেওঁ ৰূপতকৈ বেছি স্বাস্থ্যকহে গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















