ভিক্ষাৰী বুলি পানী খুৱাইছিল, ইংৰাজী কথা শুনি সোধপোচ কৰোতে ওলাই পৰিল প্ৰকৃত ঘটনা, আৰক্ষীয়ো আচৰিত
ট্ৰেইন ষ্টেছনৰ কাষত লেবেজান হৈ পৰি থকা এগৰাকী লোকক পানী খুৱাইছিল আৰক্ষীয়ে। লোকগৰাকীয়ে পানী খাইয়ে ইংৰাজীত আৰক্ষীক ধন্যবাদ দিয়ে। লোকগৰাকীৰ কথা কোৱাৰ ষ্টাইল আৰু ইংৰাজী শুনি আৰক্ষীয়ে বুজিবলৈ সময় নালাগে যে লোকগৰাকী শিক্ষিত।
যাৰ বাবে আৰক্ষীয়ে সামান্য কথা সোধ পোচ কৰোতেই ওলাই পৰে লোকগৰাকীৰ প্ৰকৃত পৰিচয়। পৰিচয় শুনি আচৰিত হৈ পৰে আৰক্ষী। লগতে ওলাই পৰে এক ডাঙৰ ঘটনা।
এই ঘটনা উত্তৰ প্ৰদেশৰ কানপুৰৰ। মহাবীৰ সিং নামৰ এগৰাকী যুৱকৰ কাহিনী এয়া, যি আজিৰ পৰা ২ বছৰ পূৰ্বে হঠাতে ঘৰৰ পৰা নোহোৱা হৈ গৈছিল। ঘৰৰ লোকে বহু বিচাৰ খোচাৰ কৰিয়ো কতো কোনো ধৰণৰ শুংসুত্ৰ লাভ কৰা নাছিল, অৱশেষত একপ্ৰকাৰ আশাই এৰি দিছিল পৰিয়ালৰ লোকে।
মহাবীৰে আৰক্ষীৰ ওচৰত দিয়া ভাষ্য অনুসৰি, ২ বছৰ পূৰ্বে ঘৰৰ পৰা এটিএমলৈ বুলি ওলাই আহিছিল , পাছে বাটতে এখন ভেনত অহা কেইবাগৰাকী লোকে অপহৰণ কৰি লৈ যায়। সংজ্ঞাহীন কৰি ৰখাৰ বাবে কলৈ যায় একো জানিব নোৱাৰে । কেইবাদিনো অন্ধকাৰ বন্ধ কোঠাত ৰাখি পাছত এটা খনিত বন্ধক হিচাপে কামত খটুৱাই।
বিৰোধ কৰিলে অকথ্য নিৰ্যাতন, মাৰপিট কৰাৰ লগতে ভালদৰে খাদ্যও দিয়া হোৱা নাছিল। তেনেদৰেই পাৰ কৰি দিছিল ২ টা বছৰ। পলাই অহাৰো বাট বিচাৰি পোৱা নাছিল। অৱশেষত কোনোমতে পলাই আহিবলৈ সক্ষম হয়। কেইবাখনো ট্ৰেইন সলনি কৰি কৰি অৱশেষত উপস্থিত হৈছিল বিহাৰৰ ডৰভাংগাত।
তাতেই আৰক্ষীৰ সৈতে কথা হয়। আৰক্ষীয়ে সকলো জানিব পাৰি ঘৰৰ ঠিকনা লৈ মহাবীৰক উত্তৰৰ প্ৰদেশৰ কানপুৰলৈ লৈ আহে আৰু পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰাই দিয়ো। মহাবীৰে দিয়া ভাষ্য অনুসৰি দক্ষিণৰ কোনো ঠাইলৈ লৈ গৈছিল, কি ঠাই আছিল সেয়া নাজানিলেও , সেই লোক সকলৰ কথাৰ পৰাই তেনে ঠাই হব পাৰে বুলি সন্দেহ প্ৰকাশ।
আনহাতে সম্পূৰ্ণ আশা এৰি দিয়াৰ পাছত হঠাতে মহাবীৰৰ খবৰ লাভ কৰি সুখত কব নোৱাৰা হৈ পৰে পৰিয়ালৰ লোক। কানপুৰ ষ্টেছনতে লগ কৰি ঘৰলৈ উভতাই নিয়ে মহাবীৰক ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















