অসম লাইভ২৪ঃ কিম জং উন! পৰিচয় বুলিবলৈ এই নামেই যথেষ্ট। উত্তৰ কোৰিয়াৰ তেওঁ নায়ক। এই মুহূৰ্তত বিশ্বৰ প্রভাৱশালী নেতাসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁৰ ভয়ত কঁপে সমগ্ৰ দেশ। অথচ এই কঠোৰ নায়কৰ চকুতেই চকুপানী। সমগ্ৰ বিশ্বজুৰি কিম জং উনে কন্দাৰ ভিডিঅ’ ভাইৰেল হৈছে। তাকো ৰুমত অকলে সোমাই কান্দিছে তেনে নহয়। জনবহুল এলেকাত কান্দি উঠিছে কিম জং উনে।
খঙাল হ’লেও কিমৰ গোলাকাৰ চেহেৰা, টুপটুপীয়া গাল দেখি বহুতেই কয় তেওঁৰ মুখত সকলোসময়তে শিশুৰ সৰলতা দেখা যায়। অথচ এই মানুহজনৰ নিষ্ঠুৰ মনটোক সমগ্ৰ উত্তৰ কোৰিয়াই ভয় কৰে। কাৰণ তেওঁলোকে জানে এই মানুহজন কিমান কঠোৰ হ’ব পাৰে। তেওঁৰ ৰোষত পৰিলে এই পৃথিৱীত জীয়াই থাকিব কোনেও নোৱাৰে। তেওঁৰ ৰোষত পৰিলে কোন মুহূৰ্তত জে’ল যাব সেয়া নিশ্চিত নহয়। এবাৰ জে’ললৈ গ’লে ওলাই অহা সম্ভৱো নহয়। বিশ্বৰ প্ৰায়সংখ্যক লোকেই তেওঁক আধুনিক যুগৰ হিটলাৰো আখ্যা দিয়ে।
সেই কিম জং উনেই লুকুৱাই ৰাখিছে এখিনি আৱেগ। এই কথা মানিও মানিব পৰা নাই একাংশই। কিয় কিম জং উনে হুকহুকাই কান্দিছে সেই প্রশ্ন এতিয়া বহুতৰে মুখে মুখে। সামাজিক মাধ্যমত ভাইৰেল উত্তৰ কোৰিয়াৰ একনায়কৰ কন্দাৰ দৃশ্য। হাজাৰ হাজাৰ মানুহৰ উপস্থতিত এখন সভাত বহি কান্দিছে কিমে। ৰুমালেৰে মুখ মচিছে কিমে। কোৰিয়াৰ চেণ্ট্ৰেল টেলিভিছনত প্ৰকাশ পোৱা অনুসৰি ঘটনাটো ঘটিছে উত্তৰ কোৰিয়াৰ মহিলাসকলক লৈ অনুষ্ঠিত কৰা এখন সভাত। পিয়ং ইয়ংৰ বৈঠকৰ আয়োজন কৰিছিল কিমে নিজেই। এই সভাৰ আয়োজন কৰাৰ প্ৰধান উদ্দেশ্য হৈছে উত্তৰ কোৰিয়াত শিশুৰ জন্মৰ হাৰ দিনক দিনে কমি গৈছে। জন্মৰ হাৰ কমি যোৱাৰ বাবে নৱপ্ৰজন্মও কমি গৈছে। যাৰবাবে উত্তৰ কোৰিয়াৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশেৰে। শিশুৰ জন্মৰ হাৰ বঢ়াবলৈ মাকসকলেই সহায় কৰিব লাগিব।
মহিলাসকলক সন্তান জন্ম দিবলৈ অনুৰোধ জনাই আয়োজন কৰিছে এই সভাৰ। বৈঠকত উত্তৰ কোৰিয়াৰ একক সেনাপতি কিমে কয়, ‘দেশত জন্মৰ হাৰ বৃদ্ধিৰ স্বাৰ্থত মাতৃসকলৰ সহায়ৰ দৰকাৰ।’ কেৱল এয়াই নহয় দেশৰ জাতীয় শক্তিক মাতৃসকলেই শক্তিশালী কৰিব পাৰে। এইবিষয়ে ক’বলৈ গৈ তেওঁ কয়, ‘দেশৰ জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ আপোনালোকৰ সহায়ৰ খুবেই প্ৰয়োজন। এই ক্ষমতা কেৱল আপোনালোকৰ আছে। আপোনালোকক মই ধন্যবাদ জনাওঁ। মই কেতিয়াবা যদি সমস্যাত পৰো মোৰ সদায়েই মালৈ মনত পৰে।’ উল্লেখ্য যে বিগত বছৰৰ তুলনাত এইবাৰ উত্তৰ কোৰিয়াত জন্মৰ হাৰ ১.৮ শতাংশ বৃদ্ধি পাইছে। উত্তৰ কোৰিয়াৰ মুঠ জনসংখ্যা প্ৰায় ২ কোটি ৫০ লাখ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















