টেনিছ সাম্ৰাজ্যৰ অঘোষিত ৰজাৰ অৱসৰ…
টেনিছ জগতৰ অন্যতম সফল খেলুৱৈ তথা অঘোষিত ৰজা আখ্যা পোৱা ৰাফেল নাডালৰ ৩৮ বয়সত অৱসৰ ঘোষণা। ক্লে ক’ৰ্টৰ ৰজা আখ্যা পোৱা স্পেইনৰ কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডালে নিজৰ কেৰিয়াৰত ২২টাকৈ গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে। নৱেম্বৰ মাহত ডেভিছ কাপৰ ফাইনেলৰ পিছতে অৱসৰ ল’ব বুলি সদৰি কৰে খেলুৱৈ গৰাকীয়ে।
চলিত বৰ্ষৰ আৰম্ভণিতে পেৰিছ অলিম্পিকৰ পিছত তেওঁ কোনো মেচ খেলা নাই। ডেভিছ কাপৰ ফাইনেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব স্পেইন। এই খেলখন ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব।
ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি নাডালে অৱসৰৰ কথা ঘোষণা কৰিছিল। এই ভিডিঅ’ত নাডালে কয়, “জীৱনৰ প্ৰতিটো আৰম্ভণিৰ এটা অন্ত থাকে। মই অনুভৱ কৰোঁ যে মোৰ কেৰিয়াৰ শেষ কৰাৰ এইটোৱেই উপযুক্ত সময়। ইমান দীঘলীয়া কেৰিয়াৰৰ কথা মই কেতিয়াও কল্পনা কৰা নাছিলো। এতিয়া মোৰ শেষৰখন মেচক লৈ মই বৰ উৎসাহিত হৈছো। এই মেচত মই মোৰ দেশক প্ৰতিনিধিত্ব কৰিম।”
ৰাফেল নাডালক বিশ্বৰ মহান টেনিছ খেলুৱৈৰ ভিতৰত গণ্য কৰা হয়। নোভাক জ’কভিচৰ পিছতে তেওঁ দ্বিতীয় সৰ্বাধিক গ্ৰেণ্ড শ্লেম জয় কৰা খেলুৱৈ। তেওঁৰ কেৰিয়াৰত ২২টা গ্ৰেণ্ড শ্লেম জয় কৰাৰ বিপৰীতে জ’কভিচে ২৪টা গ্ৰেণ্ড শ্লেম জয় কৰিছে। নাডালক ক্লে ক’ৰ্টৰ ৰজা বুলি কোৱাহয়। তেওঁৰ কেৰিয়াৰত ১৪ খন ফ্ৰেন্স অ’পেনত জয়লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ ইউ এছ অ’পেন ৪ বাৰ আৰু উইম্বলডন আৰু অষ্ট্ৰেলিয়ান অ’পেন ২ বাৰকৈ জয়ী হৈছে। ২০০৮ চনত বেইজিং অলিম্পিকত টেনিছত একক শাখাত সোণৰ পদক লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















