অসম লাইভ২৪ঃ জীৱনৰ শেষ কনছাৰ্ট৷ মঞ্চ এৰাৰ আগে আগে কে কেই গাইছিল, ‘হাম ৰহে ইয়া না ৰহে কাল, ইয়াদ আয়েঙ্গে ইয়ে পল…৷’ এয়াই আছিল কে কেৰ জীৱনৰ শেষ গান৷ কেকে ই কোৱাধৰণেই দেশবাসীয়ে মনত জীয়াই আছে কে কে৷ মানুহে মনত ৰাখিছে সংগীতজ্ঞজনক৷ সময়ৰ সৈতে কেকে ক হেৰুৱাৰ শোক আঁতৰিলেও কে কেৰ গীতৰ সৈতে আজিও একাত্ম দেশৰ প্ৰতিজন লোক৷ আজি কে কে অৰ্থাৎ কৃষ্ণকুমাৰ কুন্নাথৰ প্ৰথম মৃত্যুবাৰ্ষিকী৷
কি হৈছিল ২০২২ বৰ্ষৰ ৩১ মে’ত?
বিগত বৰ্ষৰ ৩১ মে’ত নজৰুল মঞ্চতেই মৃত্যুশয্যাত ঢলি পৰিছিল কে কে৷ শেষবাৰৰ বাবে কলিকতাবাসীয়ে দেখা পাইছিল জনপ্ৰিয় সংগীত শিল্পীগৰাকীক৷ অনুষ্ঠানত কোনো গাফিলতি নকলাকৈ সুকলমে সামৰিছিল যদিও জীৱন নাট কিন্তু আকস্মিকভাৱেই সামৰিলে কেকেই৷ অনুষ্ঠান শেষ কৰি কিছুসময়ৰ ভিতৰতেই অসুস্থ হৈ পৰিল, তাৰপাছতেই হাস্পতালত ভৰ্তী৷ চিকিৎসকে দিয়ে দেশবাসীয়ে সেই দুঃখবৰ কে কে আৰু নাই৷
কে কে সোঁৱৰি সামাজিক মাধ্যমত পত্নীৰ পোষ্ট
কে কে এবছৰীয়া মৃত্যু তিথিত তেওঁৰ পত্নীয়ে কৰিছে এটা বিশেষ পোষ্ট৷ সামাজিক মাধ্যমত কেকে ৰ সৈতে এখন যুগ্ম ফটো শ্বেয়াৰ কৰি পত্নীয়ে লিখিছে, ‘মই আকৌ ছবি আঁকিবলৈ যত্ন কৰিছো৷ মিছ ইউ ছুইটহাৰ্ট৷’
উল্লেখ্য যে, জ্যোতি কৃষ্ণৰ সৈতে কে কে ৰ বন্ধুত্ব শৈশৱতেই গঢ়ি উঠিছিল৷ তাৰপিছত প্ৰেম, প্ৰেমৰ অন্তত বিবাহ৷ ১৯৯১ চনত বিবাহপাশত আৱদ্ধ হৈছিল কেকে আৰু জ্যোতি৷ দুই সন্তানৰ সৈতে পত্নীক অকলশৰীয়া কৰি এৰি যোৱাৰ এবছৰৰ অন্তত পত্নীয়ে সামাজিক মাধ্যমত কে কেক সোঁৱৰি শ্বেয়াৰ কৰা পোষ্ট এতিয়া সমগ্ৰতে ভাইৰেল হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ