অসম লাইভ২৪ঃ মকৰ সংক্ৰান্তি তিথিৰ পৰাই সূৰ্যৰ উত্তৰায়ণৰ সূচনা হয়। শাস্ত্ৰ উত্তৰায়ণক দেৱদেৱীৰ প্ৰভাতকাল বুলি কোৱা হয়। এই সময়ত পূজা অৰ্চনা কৰিলে অধিক শুভ ফল পোৱা যায়। মকৰ সংক্ৰান্তি বা উত্তৰায়ণ দানৰ বিশেষ মাহাত্ম্য আছে। এই দিনটোত দানৰ বিভিন্ন সামগ্ৰীৰ মাজত তিল দান অত্যন্ত বিশেষ। কেৱল দানেই নহয় মকৰ সংক্ৰান্তিত তিল মিশ্ৰিত পানীৰে গা ধুলে সমস্ত পাপৰ পৰা মুক্তি পোৱা যায়। ইয়াৰোপৰি হতাশাও দূৰ হয়। মকৰ সংক্ৰান্তি তিথিত তিলৰ মাহাত্ম্য সম্পৰ্কে জানি থওক সবিশেষ।
শাস্ত্ৰ অনুসৰি এই তিথিত তিল দান কৰিলে শনিৰ অশুভ প্ৰভাৱ কমি যায়। ইয়াৰোপৰি তিলৰ সামগ্ৰী খালে বা তিল মিশ্ৰিত পানীয়ে গা ধুলে সমস্ত পাপৰ পৰা মুক্তি পোৱা যায়। ইয়াৰ লগতে হতাশাও দূৰ হয়। শাস্ত্ৰমতে মকৰ সংক্ৰান্তি তিথিৰ পৰা দিন দীঘল হয় আৰু ৰাতি ছুটী হ’বলৈ ধৰে। ধৰ্মীয় দিশৰ পৰাও তিলৰ বিশেষ মাহাত্ম্য আছে। শুভ অনুষ্ঠান আৰু পুজাতো তিল ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি আয়ুৰ্বেদত মানুহৰ সুস্বাস্থ্যৰ বাবেও তিল খোৱাটো ভাল বুলি উল্লেখ আছে। মকৰ সংক্ৰান্তিত বা মাঘ বিহুৰ মেজিৰ জুইত পুৰণি হতাশা জ্বলাই নতুন দিনৰ আৰম্ভণি কৰে প্ৰতিজন অসমীয়াই। খাদ্যৰ তালিকাত বিভিন্ন পিঠাপনা থাকে। প্ৰায়সমূহ পিঠা পনাতেই তিল ব্যৱহাৰ কৰে অসমীয়াই। এই তিলৰ আছে ধৰ্মীয় মাহাত্ম্যও।
শাস্ত্ৰত তিলক গংগাৰ দৰে পবিত্ৰ বুলি ধাৰণা কৰা হয়। বিষ্ণুৰ শৰীৰৰ পৰা তিলৰ উৎপত্তি। তিল বিষ্ণুৰ অত্যন্ত প্ৰিয়। শনি, সূৰ্য আৰু ৰাহুৰ বিপৰীত ফল নিবাৰণৰ বাবে তিল ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি উত্তৰায়ণৰ পৰাই সূৰ্যৰ উত্তাপো বৃদ্ধি পায়। এই সময়ত তিল দান কৰিলে আৰু খিচিৰি খালে বিষ্ণুৰ আশীৰ্বাদ পোৱা যায়। ইয়াৰোপৰি ৰাহু আৰু শনিৰ দোষৰ পৰাও মুক্তি পোৱা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ