কেলছিয়াম, মেগনেছিয়াম বা জিংক এই সকলো খনিজেই আমাৰ শৰীৰত নানান ধৰণৰ কাম আছে৷ কোনোটোৰ উপস্থিতিৰ পৰিমাণ যদি কম বেছি হয় তেন্তে আমাৰ শৰীৰত নানান ধৰণৰ প্ৰভাৱ পৰে৷ আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ এক খনিজ হৈছে মেগনেছিয়াম৷ যিয়ে আমাৰ শৰীৰৰ সামগ্ৰীক স্বাস্থ্যৰ বাবে খুবেই গুৰুত্বপূৰ্ণ৷ কেলছিয়ামৰ সৈতে জোট বান্ধি হাড়ক শক্তিশালী কৰা, ব্ৰেইনৰ কাৰ্যকাৰিতা বঢ়োৱা, মুড নিয়ন্ত্ৰণ কৰা, হজমশক্তি বঢ়োৱাত খুবেই গুৰুত্বপূৰ্ণ এই মেগনেছিয়াম৷ এই খনিজৰ অভাৱ হ’লে নিয়মিত টোপনিত ব্যাঘাত জন্মে৷ শৰীৰৰ সামগ্ৰিক স্বাস্থ্য ঠিকে ৰাখিবলৈ হ’লে খনিজৰ পৰিমাণ কিন্তু ঠিক ৰাখিবই লাগিব৷
মেগনেছিয়ামৰ ভাৰসাম্যৰ খেলিমেলি হ’লে শৰীৰত নানান পৰিবৰ্তনে দেখা দিয়ে৷ কিছু লক্ষণ আছে যি দেখিলেই বুজিব যে শৰীৰত মেগনেছিয়ামৰ ঘাটি আছে৷ মেগনেছিয়াম ঘাটিৰ লক্ষণসমূহ হৈছে বমি বমি ভাৱ, কোষ্ঠকাঠিন্যৰ সমস্যা, যেতিয়াই তেতিয়াই মূৰৰ বিষ এই সকলোবোৰ মেগনেছিয়াম কমি যোৱাৰেই লক্ষণ৷
এইসমূহেই নহয় তাৰ সৈতে নিশাৰ বেলা হঠাৎ ভৰি টনা, হাত ভৰি বিষ হোৱা, শৰীৰ দুৰ্বল লগা, মাজে মাজে কঁপনি হোৱা, হৃদস্পন্দন বাঢ়ি যোৱাৰ দৰে সমস্যাই দেখা দিয়ে৷ এই সমূহ উপসৰ্গ দেখিলেই চিকিৎসকৰ পৰামৰ্শ লওক৷ মেগনেছিয়ামৰ ঘাটি কিন্তু অৱহেলা কৰা উচিত নহয়৷ দীৰ্ঘদিনে শৰীৰত এই খনিজৰ অভাৱৰ ফলত উচ্চ ৰক্তচাপ, টাইপ ২ ডায়বেটিছ বা অষ্ট্ৰিওপোৰেচিছৰ দৰে ৰোগে শৰীৰত বাঁহ বান্ধে৷ কম থাকোতেই সচেতন হোৱাটো জৰুৰী৷ দৈনিক ডায়েটত কিছু খাদ্য ৰাখিলেও মেগনেছিয়ামৰ ঘাটি পূৰণ কৰা সম্ভৱ৷ বাদাম জাতীয় খাদ্য, চিয়া চিড বা নানান বীজ, গোটা দানাৰ শস্য, শাক, এভোকেডো, গাখীৰ, দৈৰ দৰে খাদ্যসমূহ ডায়েটত ৰাখক৷ ইয়াৰোপৰি যদি সমস্যাৰ সমাধান নহয় তেন্তে নিয়মিত চিকিৎসকৰ পৰামৰ্শ লওক৷ প্ৰয়োজনত ঔষধ খাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ