অসম লাইভ২৪ঃ নাক আমাৰ মুখৰ অন্যতম গুৰুত্বপূৰ্ণ এটা অংগ। নাক হৈছে পঞ্চ ইন্দ্ৰিয়ৰ অন্যতম। পঞ্চ ইন্দ্ৰিয়ৰ অন্য চাৰিটা ইন্দ্ৰিয় হৈছে চকু, কান, জিভা আৰু ছাল। নাকেৰে আমি শ্বাস-প্ৰশ্বাস লোৱাৰ ওপৰিও গোন্ধৰ সহায়ত সামগ্ৰী চিনাৰ্ত কৰিবলৈকো নাক অপৰিহাৰ্য। কেৱল প্ৰয়োজনীয়তাৰ বাবেই নাক জ্যোতিষশাস্ত্ৰতো অত্যন্ত গুৰুত্বপূৰ্ণ। বিভিন্ন মানুহৰ নাকৰ গঠন পৃথক পৃথক। কাৰোবাৰ দীঘল, কাৰোবাৰ ছুটি, কাৰোবাৰ ভোটা। বিভিন্ন ধৰণৰ নাকে আমাৰ ভাগ্য আৰু চাৰিত্ৰিক বৈশিষ্ট্য সম্পৰ্কে জনায়। জানি লওক বিভিন্ন ধৰণৰ নাকৰ জাতকৰ চৰিত্ৰ কেনে হয়।
দীঘল নাক
নাক যদি দীঘল হয় তেন্তে এই ধৰণৰ ব্যক্তিয়ে স্ফুৰ্তিৰে দিন কটায় ভালপায়। অৱশ্যে দীঘল নাকৰ গৰাকীৰ মাজত অহংকাৰৰো সমস্যা থাকে। এওঁলোকে নিজকে পাৰফেক্ট বুলি সকলো সময়তে ভাৱে। তেওঁলোকে যিকোনো বিষয়ত নিজৰ মতামতকেই প্ৰাধান্য দিয়ে। এওঁলোক সাধাৰণতে কাৰো ওপৰতেই নিৰ্ভৰশীল নহয়। নিজৰ কাম নিজেই কৰে এই ধৰণৰ ব্যক্তিয়ে।
ক্ষীণ নাক
যিসকল ব্যক্তিৰ নাক ক্ষীণ হয় তেওঁলোকৰ চৰিত্ৰ বেছি আকৰ্ষণীয় হয়। এনে নাকৰ গৰাকীয়ে যি পৰিবেশত থাকে সেই পৰিবেশ গৰম কৰি ৰাখে। এওঁলোকে সকলো কাম দক্ষতাৰে কৰে। সঠিক পৰিকল্পনা কৰি সকলো কাম কৰে এই ধৰণৰ ব্যক্তিয়ে। পাতলা আৰু দীঘল নাকৰ অধিকাৰীসকল সৌভাগ্যশালী হয়। নাক পাতল হোৱাৰ লগতে যদি ছুটিও হয় তেন্তে এনে নাকৰ গৰাকীয়ে জীৱনত আৰ্থিক কষ্ট ভোগ কৰে। যথেষ্ট ধন আয় কৰিলেও সেই অনুপাতে খৰচো বাঢ়ে?
ভাটৌঠুটিয়া নাক
এই নাকৰ গৰাকী অত্যন্ত সংবেদনশীল হয়। এওঁলোকে অন্যৰ দুখত সহজেই দুখী হয়। এই ধৰণৰ লোক অত্যন্ত ধৈৰ্যশীল। ধৈৰ্য্য ধৰি সকলোৰে সমস্যাৰ কথাও শুনে। এনে নাকৰ গৰাকীৰ ব্যক্তিক যদি কোনোৱে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰে তেন্তে তেওঁলোক অত্যন্ত ক্ৰোধিত হয়। এওঁলোকে বিলাসবহুল জীৱনতকৈ সাধাৰণ জীৱন কটাবলৈকেহে ভালপায়।
বেঁকা নাক
বহুতৰে নাক সাধাৰণতে কিছু পৰিমানে বেঁকা থাকে। এওঁলোকে যিকোনো পৰিস্থিতিত জোৰ কৈ হ’লেও নিজা মতামত ৰাখিবলৈ যত্ন কৰে। এওঁলোকে বিচাৰে সকলোৱে যাতে তেওঁলোকক সন্মান কৰে। ভীৰৰ মাজতো নিজকে পৃথকৰূপত তুলি ধৰিব জানে। ইয়াৰোপৰি সহজে এনে নাকৰ গৰাকীয়ে বন্ধুত্ব কৰে। কিন্তু বহুসময়ত এনে লোকে স্বাৰ্থপৰৰ দৰে আঁচৰণো কৰি পেলায়।
নাকৰ ফুঁটা ডাঙৰ
যিসকল ব্যক্তিৰ নাকৰ ফুঁটা ডাঙৰ তেওঁলোক অত্যন্ত আশাবাদী আৰু এওঁলোকৰ নেতৃত্ব ল’বপৰা ক্ষমতা থাকে। এওঁলোকে ঠাণ্ডা মূৰেৰে চিন্তাভাৱনা কৰি সকলোবোৰ কামত আগবাঢ়ে। জীৱনত প্ৰচুৰ ধন সম্পদৰ লগতে জনপ্ৰিয়তাও অৰ্জন কৰে এই নাকৰ গৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















