আমাৰ শৰীৰত পিউৰিন নামৰ এটা পদাৰ্থ ভাঙি গ’লে ইউৰিক এচিড সৃষ্টি হয়। সাধাৰণতে কিডনীয়ে তেজৰ পৰা ইউৰিক এচিড ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। কিন্তু শৰীৰত অধিক ইউৰিক এচিড উৎপন্ন হ’লে অথবা কিডনীয়ে পৰ্যাপ্ত পৰিমাণে বাহিৰ কৰিব নোৱাৰিলে তেজত ইয়াৰ মাত্ৰা বৃদ্ধি পাব পাৰে। কেতিয়াবা বেয়া খাদ্যাভ্যাসৰ বাবে আপোনাৰ ইউৰিক এচিড বৃদ্ধি পাব পাৰে। কিছুমান সাৱধানতাই ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত আপোনাক সহায় কৰিব পাৰে।
ইয়াকে সাধাৰণ ভাষাত হাইপাৰইউৰিচেমিয়া (Hyperuricemia) বুলি কোৱা হয়। অৱশ্যে ইউৰিক এচিড বেছি থকা সকলো ব্যক্তিৰে লক্ষণ দেখা নাযায়।
ইউৰিক এচিড কিয় বৃদ্ধি পায়?
ইউৰিক এচিড বৃদ্ধিৰ আঁৰত বিভিন্ন কাৰণ থাকিব পাৰে। ইয়াৰ ভিতৰত—
পিউৰিনযুক্ত খাদ্য বেছিকৈ খোৱা
ৰেড মিট, অংগজাত মাংস যেনে কলিজা, কিছুমান সাগৰীয় খাদ্য আদি অধিক পৰিমাণে খালে শৰীৰত পিউৰিন ভাঙি ইউৰিক এচিড বৃদ্ধি পাব পাৰে।
কিডনীৰ সমস্যা
কিডনীয়ে যদি তেজৰ পৰা ইউৰিক এচিড ভালদৰে ফিল্টাৰ কৰি বাহিৰ কৰিব নোৱাৰে, তেন্তে তেজত ইয়াৰ মাত্ৰা বৃদ্ধি পাব পাৰে।
অধিক চেনিযুক্ত পানীয় বা মদ্যপান
ফ্ৰুক্ট’জযুক্ত কোমল পানীয় আৰু অতিৰিক্ত চেনি থকা পানীয় নিয়মিতভাৱে গ্ৰহণ কৰিলেও ইউৰিক এচিড বৃদ্ধিৰ সৈতে সম্পৰ্ক থাকিব পাৰে।
মেদবহুলতা
অতিৰিক্ত ওজন বা মেদবহুলতাৰ সৈতেও ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধিৰ সম্পৰ্ক আছে।
কিছুমান ঔষধ আৰু স্বাস্থ্যজনিত সমস্যা
কিছুমান ঔষধ, কিডনীৰ ৰোগ, উচ্চ ৰক্তচাপ, মেটাবলিক সমস্যা আদি কাৰণতো ইউৰিক এচিড বৃদ্ধি পাব পাৰে।
ইউৰিক এচিড বেছি হ’লে কি কি লক্ষণ দেখা যায়?
ইউৰিক এচিড বেছি থাকিলেই সকলোৰে লক্ষণ দেখা নাযায়। কিন্তু ইউৰিক এচিডৰ সাধাৰণ কিছুমান লক্ষণ আছে, যিবোৰ জনাটো দৰকাৰ…
- গাঁঠিত হঠাৎ তীব্ৰ বিষ
- গাঁঠি ফুলা আৰু ৰঙা হোৱা
- আক্ৰান্ত গাঁঠি ফুলি উঠিব পাৰে আৰু ছাল ৰঙা বা উষ্ণ হৈ পৰিব পাৰে।
- গাঁঠি স্পৰ্শ কৰিলেও বিষ
- গাঁঠি লৰচৰ কৰাত অসুবিধা
- কিডনীৰ পাথৰ
অধিক ইউৰিক এচিডে কিছুমান ক্ষেত্ৰত কিডনীত পাথৰ সৃষ্টি কৰাত ভূমিকা ল’ব পাৰে। তেনে ক্ষেত্ৰত কঁকাল বা পেটৰ কাষত তীব্ৰ বিষ, প্ৰস্ৰাৱত তেজ, প্ৰস্ৰাৱ কৰোঁতে বিষ আদি লক্ষণ দেখা দিব পাৰে।
ইউৰিক এচিড নিয়ন্ত্ৰণত কি কৰিব?
ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। পৰ্যাপ্ত পানী খোৱা, স্বাস্থ্যকৰ ওজন বজাই ৰখা, অতিৰিক্ত মদ্যপান আৰু চেনিযুক্ত পানীয় পৰিহাৰ কৰা আৰু পিউৰিনযুক্ত খাদ্য অতিমাত্ৰা নোখোৱাটো উপকাৰী হ’ব পাৰে।
অৱশ্যে কেৱল খাদ্য নিয়ন্ত্ৰণ কৰিলেই সকলোৰে ইউৰিক এচিড স্বাভাৱিক নহ’বও পাৰে। কাৰণ অনুসৰি চিকিৎসকে ঔষধৰ পৰামৰ্শ দিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















