‘মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই’
কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ এগৰাকী চিকিৎসকৰ হত্যা আৰু ধৰ্ষণৰ গোচৰত অভিযুক্ত সঞ্জয় ৰয়ে নিজৰ অধিবক্তা কবিতা সৰকাৰক কয় যে তেওঁ নিৰ্দোষী আৰু তেওঁক জড়িত কৰা হৈছে। কবিতা সৰকাৰে কৈছে যে পলিগ্ৰাফ টেষ্টৰ সময়তো সঞ্জয়ে নিজ নিৰ্দোষী বুলি ঘোষণা কৰিছিল।
সঞ্জয় ৰয়ক ১০টা প্ৰশ্ন কৰা হৈছিল, তাৰেই ভিতৰত এটা আছিল- মহিলা চিকিৎসকগৰাকীক হত্যা কৰাৰ পিছত সঞ্জয়ে পৰৱৰ্তী সময়ত কি কৰিলে।এই প্ৰশ্নৰ উত্তৰত সঞ্জয়ে চিবিআই বিষয়াসকলক কৈছিল যে প্ৰশ্নটো ভুল কাৰণ সি চিকিৎসকগৰাকীক হত্যা কৰা নাই।
পলিগ্ৰাফ টেষ্টত সঞ্জয়ে দাবী কৰে যে চিকিৎসালয়খনৰ চেমিনাৰ হলতপ্ৰৱেশ কৰাৰ সময়ত মহিলাগৰাকী অচেতন হৈ আছিল। সঞ্জয়ে দাবী কৰে যে যোৱা ৯ আগষ্টত চেমিনাৰ হলতমহিলাগৰাকীক তেজেৰে লুতুৰি পুতুৰি অৱস্থাত থকা দেখিছিল। যি দৃশ্য দেখি সঞ্জয়ে আতংকিত হৈ কোঠাৰ পৰা দৌৰি ওলাই আহিছিল।
লগতে সঞ্জয় ৰয়ে ইয়াকো দাবী কৰে যে সি ভুক্তভোগীক চিনি নাপায় তাৰ ওপৰত এই অভিযোগ জাপি দিয়া হৈছে।
যোৱা মাহত কলকাতাৰ আৰ জি কাৰ হাস্পতালত প্ৰশিক্ষাৰ্থী হিচাপে কৰ্মৰত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁৰ শৰীৰত যৌন নিৰ্যাতন আৰু ২৫টা বাহ্যিক আৰু আভ্যন্তৰীণ আঘাত পোৱা গৈছিল। প্ৰাৰম্ভিক তদন্তত বহু প্ৰমাণৰ ভিত্তিত অভিযুক্ত সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ