কলকাতা ঘটনাৰ নতুন তথ্য, ঘটনাৰ পিছদিনাই সন্দীপ ঘোষে চিকিৎসালয় ৰিনোভেশ্যনৰ দিছিল নিৰ্দেশ
কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বিৰুদ্ধে প্ৰমাণৰ লগত খেলা-ধূলা কৰাৰ অভিযোগ উত্থাপন হৈছে। বংগ বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে সন্দীপ ঘোষৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে কয় যে, এগৰাকী প্ৰশিক্ষাৰ্থী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ কাণ্ডৰ ঠিক পিছদিনা ৯ আগষ্টত চেমিনাৰ হলৰ লগত সংলগ্ন শৌচাগাৰটো মেৰামতি আৰু চিকিৎসকৰ কোঠাটো ৰিনোভেশ্যন তথা নতুনকৈ ঠিক কৰাৰ নিৰ্দেশ দিছিল ঘোষে।
মজুমদাৰে লগতে ইয়াকো কয় যে ঘটনাৰ ঠিক পিছদিনা প্ৰাক্তন অধ্যক্ষগৰাকীয়ে চেমিনাৰ কক্ষৰ লগত সংলগ্ন শৌচাগাৰটো মেৰামতি কৰাৰ লগতে চিকিৎসকৰ কোঠাটো সাল সলনি কৰাৰ অনুমতি বিচাৰি লোক নিৰ্মাণ বিভাগলৈ এখন পত্ৰ লিখিছিল।
এই পত্ৰৰ প্ৰতিলিপিও বিজেপি নেতাগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰিছে। যি বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই পত্ৰৰ দ্বাৰা প্ৰাক্তন অধ্যক্ষ ঘোষে ঘটনাৰ প্ৰমাণ নোহোৱা কৰিবৰ বাবে কৰা বুলি বহুতেই মত প্ৰকাশ কৰিছে।
আনহাতে লোক নিৰ্মাণ বিভাগলৈ লিখা এই পত্ৰত এই তথ্যও পোহৰলৈ আহিছে যে, এই ৰিনোভেশ্যনৰ কাৰ্যত স্বাস্থ্য সচিব আৰু স্বাস্থ্য শিক্ষা বিষয়াৰ সন্মতি চহী দেখা গৈছে। যাৰ বাবে অধিক ৰহস্যঘন হৈ পৰিছে কলকাতা ঘটনা। আন বহু লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বংগ বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ