প্ৰেমত পৰিছে কৃতি শ্বেনন! এই খবৰে এতিয়া চৰ্চা লাভ কৰিছে বলীউডত৷ কিন্তু কৃতীৰ প্ৰেমিক কোনোবা অভিনেতা নে ব্যৱসায়ী নে আন কোনোবা? কিছুদিন ধৰি অব্যাহত থকা এই চৰ্চাৰ মাজতেই বহুতে কৈছিল দক্ষিণী অভিনেতা প্ৰভাছৰ প্ৰেমত পৰিছে কৃতী৷ কিন্তু প্ৰভাৱে স্পষ্ট কৰি দিছে যে এয়া মিথ৷ দুয়ো কেৱল বন্ধুৱে৷ এইবাৰ আকৌ কৃতীৰ নাম সাঙোৰ খাইছে এগৰাকী লণ্ডনৰ ব্যৱসায়ীৰ সৈতে৷ ব্যৱসায়ী কবিৰ বাহিয়াৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছে কৃতীৰ৷ সম্প্ৰতি গ্ৰীচৰ এখন কেফেত অন্তৰংগ অৱস্থাত তেওঁলোকৰ ছবি ভাইৰেল হৈছে৷ বিষয়টোক লৈ আওঁপকীয়াকৈ মুখ খুলিছে কৃতীয়েও৷
https://www.instagram.com/p/C-C1EScv2oK/?utm_source=ig_web_copy_link
লণ্ডনৰ ব্যৱসায়ী কবীৰ বাহিয়াৰ প্ৰেমত মছগুল এতিয়া কৃতী৷ এইগৰাকী কবীৰৰ সৈতে দেখা কৰিবলৈকে মাজে মাজে লণ্ডনলৈ উৰা মাৰে কৃতী৷ কৃতীৰ ভনীয়েক নুপূৰ শ্বেননৰ পৰাই কৃতীয়ে চিনাকী হৈছিল কবীৰৰ সৈতে৷ তেওঁলোকৰ প্ৰথমে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠে তাৰপিছতেই প্ৰেম হৈছে দুয়োৰে মাজত৷ কেইবাদিনো ধৰি ভাইৰেল হৈছে কৃতী আৰু কবিৰৰ হাতে হাত ধৰা ফটো৷
সূত্ৰই দাবী কৰামতে কবীৰ বাহিয়া ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী আৰু হাৰ্দিক পাণ্ডিয়াৰ ভাল বন্ধু৷ সেয়ে সৰুৰেপৰাই ক্ৰিকেট খেলত পাৰদৰ্শী কবীৰ৷ এইবাৰ হোলীৰ সময়তো কবীৰৰ সৈতে নৃত্য কৰা দেখা গৈছে কৃতীক৷ বলীউডত ভৰি দিয়াৰ পাছতেই জেকি শ্ৰফৰ পুত্ৰ টাইগাৰৰ সৈতে নাম সাঙোৰ খাইছিল কৃতীৰ৷ এসময়ত সুশান্তৰ সৈতেও নাম সাঙোৰ খাইছিল কৃতীৰ৷ কিন্তু কৃতীৰ মতে তেওঁ এতিয়া চিংগল৷ কেৰিয়াৰেই তেওঁৰ বাবে গুৰুত্বপূৰ্ণ বিষয়৷ সেয়ে প্ৰেমত পৰাৰ বাবে তেওঁৰ হাতত সময় নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ