লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে বিজেপি সাংসদ কংগনা ৰানাউটে৷ সংসদত হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ সাংসদ কংগনাৰ দাবী, ‘মোৰ মনে কয় ৰাহুল গান্ধী ড্ৰাগছ আসক্ত৷ তেওঁৰ শাৰীৰিক পৰীক্ষা কৰা উচিত৷’ কংগনাৰ এই বিতৰ্কিত মন্তব্যৰ পাছতেই গৰম হৈ পৰে সংসদৰ মজিয়া৷
কংগনাই ৰাহুলক ড্ৰাগছ আসক্ত বুলি দাবী কৰাৰ ওপৰিও কয় যে ৰাহুলে কেতিয়াবা শিৱৰ অভয় মুদ্ৰা যদি কেতিয়াবা মহাভাৰতৰ চক্ৰবেহু, হিন্দুত্ববাদ আৰু নৰেন্দ্ৰ মোদীৰ ওপৰত হোৱাই নোহোৱাই আক্ৰমণ চলাই থাকে৷ এই বিশয়টোৱেই প্ৰমাণ কৰে যে ৰাহুল এগৰাকী নিচাগ্ৰস্থ ব্যক্তি৷
মঙলবাৰে সাংসদ কংগনা ৰানাউটে কয়, ‘এই দেশ গণতন্ত্ৰৰ দেশ৷ য’ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰেহে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়৷ ইয়াত পুৰুষ, মহিলা, জাতি, ধৰ্মৰ ভিত্তিত প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰা হয়৷ ৰাহুলে কৰি থকা মন্তব্যসমূহ দেশৰ গণতন্ত্ৰৰ বাবে অপমানজনক৷ তেওঁ প্ৰতিদিনেই গণতন্ত্ৰক অপমান কৰি আছে৷ বিগত সংসদতো কমেডি শ্ব কেইবাবাৰো ৰাহুলে কৰিছে৷’
ইয়াৰোপৰি কংগনাই কয়, ‘বিগত কাৰ্যকালত তেওঁ বিতৰ্কিত মন্তব্য কৰি পিছপৰি যোৱা নাই৷ এইবাৰো শিৱ কী বাৰাত, চক্ৰবেহু আদি আকৌ আৰম্ভ কৰিছে৷ মোৰ মনে কয় তেওঁ ড্ৰাগছ আসক্তই হ’ব৷ তেওঁৰ ভালকৈ শাৰীৰিক পৰীক্ষা কৰোৱা উচিত৷ মানুহে সুস্থ অৱস্থাত এনে মন্তব্য কৰিব নোৱাৰে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ